নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত লকডাউনৰ ক্ষতিপূৰণৰ একমাত্র বিকল্প ৰাজ্যখনৰ কৃষিখণ্ড

বাটৰহাটৰ দেৱজিৎ চৌধুৰীৰ কৃষিপাম পৰিদর্শন কৃষিমন্ত্রীৰ

নিয়মীয়া বার্তা, ২২ এপ্রিলঃ ক’ৰোনা ভাইৰাছজনিত বিভীষিকাই সমগ্র বিশ্বৰ অর্থনৈতিক ক্ষেত্রত আঘাত হানিছে  ৷ অসমো ইয়াৰ পৰা বাদ পৰি যোৱা নাই ৷ লকডাউনৰ ফলত অসমৰ অর্থনীতিত যি ক্ষতি হৈছে সেই ক্ষতিপূৰণৰ একমাত্র বিকল্প হ’ল ৰাজ্যখনৰ কৃষিখণ্ড ৷ মঙলবাৰে কামৰূপ জিলাৰ বাটৰহাটত ৰাজ্যখনৰ কৃষিখণ্ডৰ এগৰাকী উদ্যমী উদ্যোগী দেৱজিৎ চৌধুৰীৰ মিশ্রিত কৃষি পামখন পৰিদর্শন কৰি কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰাই সাংবাদিকৰ আগত এই মন্তব্য কৰে ৷ অন্য ৰাজ্যত সাধাৰণ চাকৰি কৰি থকা অসমৰ ভালেসংখ্যক যুৱক লকডাউনৰ বাবে পুনৰ নিজ গৃহলৈ উভতি অহাৰ প্রসংগ উল্লেখ কৰি মন্ত্রী বৰাই কয় যে এইসকল যুৱকে কৃষিকে নিজৰ বৃত্তি হিচাপে গ্রহণ কৰিলে নিজ স্বনিয়োজনৰ লগতে অসম মাতৃৰ সেৱা কৰাও হ’ব ৷ কৃষিক কেনেদৰে এটা বৃহৎ উদ্যোগলৈ পৰিৱর্তিত কৰিব পাৰি সেইক্ষেত্রত দেৱজিৎ চৌধুৰী এক অনন্য উদাহৰণ বুলি উল্লেখ কৰি ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতীসকলক্ তেওঁ এইগৰাকী কৃষি উদ্যোগীৰ পথ অনুসৰণ কৰিবলৈ অনুৰোধ জনায় ৷

উল্লেখ্য যে পশুধন পালনক মুখ্য হিচাপে লোৱা চৌধুৰীৰ ৪০ বিঘা মাটিৰ পামখনত আধুনিক পদ্ধতিৰে উন্নতজাতৰ ৩০০ গাহৰি, ২০ হাজাৰ কুকুৰা, ২৪ উন্নত প্রজাতিৰ গাই, বিভিন্ন উদ্যান শস্য আদি থকাৰ উপৰি প্রতিদিনে ১০ মেট্রিকটন পশুখাদ্য উৎপাদন কৰিব পৰা এটা কল আছে ৷ ৰাজ্যখনে বিগত বছৰ কেইটাৰ তুলনাত এইবাৰ ৰবি শস্য অভিলেখ পৰিমাণত উৎপাদন কৰিবলৈ সক্ষম হৈছিল যদিও লকডাউনৰ ফলত এখন জিলাৰ পাচলি অন্য এখন জিলাই নোলোৱাৰ পৰিস্থিতিৰ লগতে পাচলি সৰবৰাহত দেখা দিয়া কিছু স্থানীয় সমস্যাৰ বাবে পাচলি খেতিয়কসকল এইবাৰ লোকচানৰ সন্মুখীন হোৱাৰ বিষয়ে উল্লেখ কৰি কৃষিমন্ত্রী বৰাই কয় যে প্রতি বছৰে ১২৫ কোটি টকাতকৈও অধিক মূল্যৰ পাচলি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনলৈ অসমৰ পৰা ৰপ্তানি হয় ৷ এই শৃংখল কিছু বাধাগ্রস্ত হৈছে যদিও বৰপেটাৰ পাচলি উত্তৰ প্রদেশলৈ স্থানীয় কৃষকসকলে এইবাৰ ৰপ্তানি কৰিছে ৷ তেনেদৰে বিমানযোগে সপ্তাহত দুবাৰকৈ অসমৰ পাচলি ডুবাইলৈ প্রেৰণ কৰাৰ ক্ষেত্রত থকা কিছু কাৰিকৰী সমস্যা আঁতৰ কৰাৰ বাবে সোমবাৰে কৃষিমন্ত্রী বৰাই পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ সৈতে কথা পতা বুলিও মন্ত্রী বৰাই উল্লেখ কৰে ৷ শীঘ্রে এই সমস্যা দূৰ কৰিব পৰা যাব বুলি মন্ত্রী বৰাই প্রকাশ কৰে ৷ মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা, গ্রাম্য আন্তঃগাঁথনি পুঁজি আদিৰ অধীনত ড্রাফট যোগে ধন জমা দিয়া কৃষকক ততালিকে ট্রেক্টৰ, অগভীৰ নলীনাদ আদি দিবলৈ বিষয়াসকলক নির্দেশ দিয়া হৈছে ৷ ৰাজ্যখনৰ প্রায় ২৭ লাখ কৃষকক পি এম কিষাণ আঁচনিৰ অধীনত ১,৯২৬ কোটিতকৈও অধিক ধন তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়াৰ বিপৰীতে অকল লকডাউনৰ সময়ছোৱাতেই ১৮ লাখতকৈও অধিককৃষকক ৩৬০ কোটি টকা বেংক একাউণ্টত জমা দিয়া হৈছে ৷ তেনেদৰে লকডাউনৰ সময়ছোৱাত মুখ্যমন্ত্রী কৃষি সা–সঁজুলি যোজনাৰ অধীনত ৪ লাখতকৈও অধিকসংখ্যক কৃষকক ১০৩ কোটি টকাতকৈও অধিক ধন বেংক একাউণ্টত জমা দিয়া হৈছে ৷ কৃষিমন্ত্রী বৰাই মঙলবাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ৰাণীত থকা আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্রতিষ্ঠানৰ পশুধন পামখনো পৰিদর্শন কৰি বিভিন্ন দিশ পর্যালোচনা কৰাৰ লগতে ধাৰাপুৰৰ একাংশ পাচলি খেতি কৰা কৃষকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷

You might also like