নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত সোমবাৰে পুৱা ৮ বজালৈকে ‘জনতা কাৰ্ফিউ’ৰ সময়সীমা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ অসমত ‘জনতা কাৰ্ফিউ’ৰ সময়সীমা বৃদ্ধি । সোমবাৰে পুৱা ৮ বজালৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা ।

উল্লেখ্য যে ২২ মাৰ্চ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে আহ্বান কৰিছিল ‘জনতা কাৰ্ফিউ’ । কিন্তু সাম্প্ৰাতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰাইজক আহ্বান কৰি পুনৰ সোমবাৰে পুৱা ৮ বজালৈকে এই কাৰ্ফিউৰ সময়সীমা বৃদ্ধি কৰিছে ।

পূৰ্বৰ কাৰ্যসূচী অনুসৰি আজি নিশা ৯ বজাত অন্ত পৰাৰ কথা আছিল ‘জনতা কাৰ্ফিউ’ ।

You might also like