নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ অসমৰ অৰ্থনীতিলৈ সুখবৰ। নতুনকৈ ৰাজ্যৰ ১০০ স্থানত তেল আৰু গেছৰ সন্ধান উৎপাদন কৰিবলৈ ‘তেল আৰু প্ৰাকৃতিক গেছ নিগম’ক (ONGC) পৰিৱেশ সংক্ৰান্তীয় প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে। এখন ‘গ্ৰীণ পেনেল’ৰ পৰামৰ্শৰ ভিত্তিত দেশৰ সৰ্ববৃহৎ তেল আৰু গেছৰ সন্ধান উৎপাদনকাৰী কোম্পানীটোক কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে অভিলাষী এই প্ৰকল্পৰ ক্ষেত্ৰত সেউজ সংকেত দিছে। ONGCয়ে নতুনকৈ ১০০স্থানত তৈল খননত বিনিয়োগ কৰিব মুঠ ৩,৫০০কোটি টকা। প্ৰধানতঃ হাইড্ৰকাৰ্বনৰ উপস্থিতিৰ সম্ভাৱনীয়তা নিশ্চিত কৰিবলৈ ONGCয়ে নিদিষ্ট ১০০টা স্থানত খনন চলাব। অসম আৰাকান মালভূমি তথা উজনি অসমৰ শিৱসাগৰ জিলাৰ ২১টা পেট্র’লিয়াম মাইনিং লীজ (জি এম এল) ব্লকৰ ৯৪৪.৩৯ বর্গ কিলোমিটাৰ এলেকা সামৰি চলিব এই অভিযান৷
অৱশ্যে কেন্দ্রীয় পৰিৱেশ মন্ত্রালয়ে তেল আৰু গেছৰ সন্ধান–উৎপাদনত পৰিৱেশ সম্পর্কীয় অনুমোদন জনাই অ’ এন জি চি কর্তৃপক্ষলৈ প্রেৰণ কৰা পত্রখনত এইদৰে উল্লেখ কৰিছে– ‘পৰিৱেশ সম্পর্কীয় অনুমোদন প্রদান কৰিলেও এই বিষয়ত বন্যপ্রাণীৰ দৃষ্টিকোণৰ পৰা নেচনেল ব’ড অৱ ৱাইল্ড লাইফৰ ষ্টেণ্ডিং কমিটীৰ পৰাও আপত্তিবিহীনতাৰ প্রমাণ–পত্র লাভ কৰিব লাগিব৷’ গুৰুত্বপূর্ণ কথাটো হ’ল– বনাঞ্চলক বাদ দি আন স্থানতহে তেল আৰু গেছৰ সন্ধান–উৎপাদনৰ বাবে অ’ এন জি চিয়ে খনন চলাব পাৰিব৷ অ’ এন জি চিৰ এক শীর্ষস্থানীয় সূত্রই দাবী কৰা মতে, অসমৰ ভূগর্ভত হাইড্র’কার্বনৰ নতুন উপ–পৃষ্ঠ সন্ধান পাব পোৱাৰ প্রভূত সম্ভাৱনীয়তা আছে৷ উল্লেখ্য যে শিৱসাগৰ জিলাৰ মুঠ পি এম এল এলেকা হৈছে ৯৫৭.৭৩ বর্গ কিলোমিটাৰ৷ ইয়াৰ ভিতৰত লাকুৱা, ৰুদ্রসাগৰ, গেলেকী আৰু সংলগ্ণ অঞ্চলসমূহত অ’ এন জি চিৰ কেইবাখনো গুৰুত্বপূর্ণ তৈলক্ষেত্র আছে৷ এই তৈলক্ষেত্রসমূহত বর্তমানপর্যন্ত ৫০০টাতকৈও অধিক খাদ (তেল–গেছৰ সন্ধান পোৱা আৰু উন্নয়ন চলি থকা) ইতিমধ্যে খনন কৰা হৈছে৷ ইয়াৰে প্রতিটো খাদৰ গভীৰতা ২,৪০০ মিটাৰৰ পৰা ৪,২০০ মিটাৰপর্যন্ত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অ’ এন জি চিয়ে দেশৰ ৭০ শতাংশ খাৰুৱা তেল আৰু ৬০ শতাংশ প্রাকৃতিক গেছ উৎপাদন কৰে৷ ইয়াৰ মাজতে নতুনকৈ অসমৰ ১০০ স্থানত তৈল খননত অ’ এন জি চিক পৰিৱেশ সংক্রান্তীয় অনুমোদন দিয়াটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷