অসমবাসীলৈ ৰাজ্যপাল–মুখ্যমন্ত্রীৰ নৱবর্ষৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ইংৰাজী নৱবর্ষ–২০২০ উপলক্ষে অসমবাসী ৰাইজলৈ ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক উভেচ্ছা বার্তাত ৰাজ্যপাল মুখীয়ে জনসাধাৰণক পৰস্পৰৰ সৈতে সার্বজনীন নেতৃত্ববোধৰ সম্পর্ক গঢ়ি ৰাষ্ট্রৰ উন্নয়নত ব্রতী হ’বলৈ আহ্বান জনায়৷
আনহাতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমবাসী ৰাইজক নৱবর্ষৰ শুভেচ্ছা জ্ঞাপন কৰি এক বার্তাত কয় যে অসমবাসীৰ আশা, আকাংক্ষা আৰু সম্ভাৱনাক বাস্তৱায়িত কৰাৰ বাবে নৱবর্ষই অধিক প্রেৰণা যোগাওক৷ নৱবর্ষই মানুহৰ সৃষ্টিশীল মনক সজীৱ কৰি দৃঢ়তাৰে আগুৱাই যোৱাৰ বাবে উৎসাহিত কৰে৷
সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক, আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে পৰিপূৰ্ণ এখন সমাজ গঢ় দিওঁ।
Wishing all a #HappyNewYear. Let us together build a society on the ideals of peace, brotherhood and harmony. pic.twitter.com/cdn3Umt0xc
— Sarbananda Sonowal (@sarbanandsonwal) December 31, 2019
মুখ্যমন্ত্রীয়ে আশা কৰে যে বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধর্মাৱলম্বী লোকৰে পৰিপূর্ণ আমাৰ বর্ণাঢ়্য জীৱনধাৰাক আগুৱাই নিয়াৰ ক্ষেত্রত এক নতুন চেতনা প্রদান কৰিব৷ আমাৰ সভ্যতা আৰু সংস্কৃতিয়ে সমন্বয়ৰ বাটেৰে আগুৱাই যোৱাৰ বাবে পথ প্রশস্ত কৰি আহিছে৷ আগন্তুক নৱবর্ষ উদ্যাপনৰ জৰিয়তে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামত বসবাস কৰা সকলোৱে ৰাজ্যখনৰ গৰিমামণ্ডিত ঐতিহ্য, পৰম্পৰা আৰু একতাক অধিক সমৃদ্ধ কৰাৰ মানসিকতাৰে এক পৰিৱেশ নির্মাণ কৰিব৷ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে নৱবর্ষ উপলক্ষে অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে৷