অসমলৈ অবৈধ ভাৱে সৰবৰাহ হৈছে বাৰ্মিজ মাছঃ মণিপুৰ-নাগালেণ্ড হৈ অসমলৈ বাৰ্মিজ মাছ
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: নিতৌ অসমলৈ অবৈধ ভাৱে সৰবৰাহ হৈছে বাৰ্মিজ মাছ। আব্দুল মালেক, নজমূল, কালাম আৰু ইক্ৰামূলৰ নেতৃত্বত নগাঁৱত চলিছে বাৰ্মিজ মাছৰ বেহা। উল্লেখযোগ্য যে, সম্পূৰ্ণ অবৈধ ভাৱে ম্যানমাৰৰ পৰা নাগালেণ্ডহৈ অসমলৈ নিতৌ সৰবৰাহ হৈছে বাৰ্মিজ মাছ। নৈশ বাছত কহিমা আৰু ডিমাপুৰৰ পৰা অসমৰ হোজাই আৰু নগাঁৱলৈ সৰবৰাহ হৈছে বাৰ্মিজ মাছ। হোজাইৰ ডবকা আৰু ৰেং বেঙলৈ বাৰ্মিজ মাছ সমূহ নিশা সংগোপনে সৰবৰাহ কৰা হয়। থাৰ্মক’লৰ বক্সত মাছ ভৰাই তাৰ ওপৰত বস্তাৰে ঢাকি সৰবৰাহ কৰা হয় মাছ। নগাঁৱৰ বৰবজাৰৰ মালু নামৰ পাইকাৰী মাছ বেপাৰী গৰাকীয়ে বাৰ্মিজ মাছ নগাঁৱৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ থলুৱা মাছৰ নামত বাৰ্মিজ মাছ সৰবৰাহ কৰাৰো অভিযোগ উঠিছে। বিভিন্ন আৰক্ষী থানাকো ধনৰ বিনিময়ত এই চক্ৰটোৱে মেনেজ কৰি নিৰ্বিঘ্নতাৰে এই ব্যৱসায় চলাই যোৱাৰো অভিযোগ উঠিছে।