নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াক চিৰদিনলৈ নিশকতীয়া কৰিব বিচাৰিছে দিল্লীয়েঃ লুৰিণ

তেজপুৰৰ বিহগুৰি কঁপাই ‘কা’ৰ বিৰুদ্ধে ছাত্র সন্থাৰ ‘জনতাৰ হুংকাৰ’

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ উদ্যোগত তেজপুৰ মহকুমা ছাত্র সন্থা, পশ্চিম তেজপুৰ আঞ্চলিক ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ লগতে বৃহত্তৰ বিহগুৰিবাসীৰ সহযোগত দেওবাৰে ‘কা’ বাতিলৰ দাবীত বিশাল গণসমাৱেশ অনুষ্ঠিত হয় ৷ কর্মবীৰ চন্দ্রনাথ শর্মাৰ জন্মভূমিৰ পৰা জনতাৰ হুংকাৰ শীর্ষক প্রতিবাদী কার্যসূচীয়ে কঁপালে বিহগুৰি ৷ পোন্ধৰ সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কার্যসূচীত পোনপ্রথমেই ভাষণ প্রদান কৰি দৰং মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক পূর্ণেশ্বৰ নাথে জাতিধ্বংসী আইনখন অসমক জাপি দিব বিচৰা বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কোনো কাৰণতে ‘কা’ মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে ৷

বিশাল প্রতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি ৰাণাপ্রতাপ বৰুৱাই ভাষণ প্রদান কৰি কয়– ‘আমি গুলী খাই মৰিম ৷ কিন্তু ‘কা’ আমি কেতিয়াও নামানো ৷ অসম আন্দোলনত মহিলাসকলে গুৰিব’ঠা ধৰিছিল ৷ এই আন্দোলনতো আইমাতৃসকল, জীয়ৰী–বোৱাৰীসকল ওলাই আহি অহর্নিশে প্রতিবাদ অব্যাহত ৰাখিছে ৷ অসমৰ শিল্পীসকলক ৫০ হাজাৰ নহয়, ৫০ লাখ টকাকৈ দিলেও ‘কা’ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিবই ৷’ তেওঁ লগতে কয় যে এইখন চৰকাৰে ভাৰত মাতা কী জয় বুলি কৈ চৰকাৰ গঠন কৰিছিল ৷ কিন্তু এতিয়া বাধ্যত পৰি জয় আই অসম বুলি ক’বলৈ লৈছে ৷ আছুৰ কেন্দ্রীয় সভাপতি দীপাংক নাথে ভাষণত কয় যে নাৰী শক্তিয়ে আজি সন্মুখৰ পৰা আন্দোলনৰ নেতৃত্ব দিছে ৷ এই দিশটোৱে আন্দোলনক অধিক শক্তিশালী কৰি তুলিছে ৷ জাতীয় সংগ্রামত কেনেকৈ নেতৃত্ব দিব লাগে, সেই কথা এই ভূমিৰ পৰা কর্মবীৰ চন্দ্রনাথ শর্মাই শিকাইছে ৷ আছুৰ দিকনির্দেশক আছিল এইগৰাকী কর্মবীৰ চন্দ্রনাথ শর্মা ৷ ছাত্রই এদিন ৰাজনীতিলৈ আহিব লাগিব, ছাত্রই ৰাজপথত নামিব লাগিব, অসমৰ গুৰিব’ঠা ধৰিব লাগিব– এই কথা চন্দ্রনাথ শর্মাই তাহানিতেই অনুভৱ কৰি ছাত্র সমাজলৈ পৰামর্শ আগবঢ়াই থৈ গৈছে ৷ ত্রিপুৰীসকলক উদাহৰণ দি তেওঁ কয়– অসমতো বাংলাদেশৰ পৰা আহি ইয়াত বহিৰাগতই তেওঁলোকৰ মাতৃভাষা প্রয়োগ কৰাৰ লগতে ৰাজনৈতিক অধিকাৰ হস্তগত কৰিব৷ এতিয়া ৪৩ বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিব বিচাৰিছে এই চৰকাৰে৷ এইখিনি বাংলাদেশীয়ে আমাৰ সভ্যতা–সংস্কৃতি বিপন্ন কৰিব ৷ আই এম ডি টি বাতিলৰ সময়ত পশ্চিমবংগত ৫৭ লাখ আৰু অসমত ৫২ লাখ বাংলাদেশী লোক আছে বুলি প্রতিপন্ন হৈছিল ৷ কিন্তু এতিয়া পশ্চিমবংগত ১ কোটি লোকে ভাৰতীয় নাগৰিকত্ব গ্রহণ কৰিব ৷ অসমতো ১ কোটি লোকে আবেদন কৰিব ৷ চাহ শ্রমিকে যি কাম কম মজুৰিত কৰি আছিল, সেয়া বাংলাদেশীয়ে হস্তগত কৰিব ৷ এই কাম যদি বাংলাদেশীয়ে কৰে, অসম নিঃশেষ হৈ যাব ৷ পশ্চিমবংগই কৈছে যে ১ কোটি লোকে ভাৰতৰ নাগৰিকত্ব গ্রহণ কৰিব ৷ গতিকে ৰাইজ, আমি চিন্তা নকৰি কি কৰিম ৷

আছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ভাষণ প্রদান কৰি অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত জাতি ৰক্ষাৰ আন্দোলন সফল কৰাৰ বাবে আইমাতৃসকলৰ পৰা আশীর্বাদ বিচাৰে ৷ তেওঁ কয়– ‘অসমৰ ৰাইজক চিৰদিনৰ বাবে নিশকতীয়া কৰিবলৈ ষড়যন্ত্র কৰিছে দিল্লীয়ে ৷ এই ষডযন্ত্রৰ জাল ৰচনা কৰিয়েই দিল্লীয়ে অসমক শিৰনত কৰাব বিচাৰিছে ৷ দিল্লীৰ শাসক, দিছপুৰৰ পদলেহনকাৰী সকলোকে আমি সকীয়াই দিছো অসমৰ জনতাই কেতিয়াও কোনো কাৰণতে দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকে৷ অসমৰ জনতাই বিদেশী শক্তিৰ সন্মুখত কেতিয়াও মূৰ দোঁওতা নাছিল ৷ দিল্লীয়ে অসমক কেৱল এখন কলনী হিচাপে ব্যৱহাৰ কৰি অসমৰ পৰা লুণ্ঠনহে কৰিছে ৷ ৫ লক্ষ বিদেশী মানে ৫টা সমষ্টি ৷ ৫ লক্ষ বিদেশী মানে চূডান্ত মিথ্যাচাৰ বিজেপি চৰকাৰৰ ৷ পশ্চিমবংগত এক কোটি লোকে নাগৰিকত্ব পাব আৰু অসমত মাত্র ৫ লক্ষ, এইটো এটা ডাঙৰ কৌতুক ৷ অসমত বিদেশীৰ সংখ্যাটো সর্বানন্দ চৰকাৰৰ মিথ্যাচাৰৰ বাদে একো নহয় ৷ কংগ্রেছে বিদেশীক অবৈধভাৱে ব্যৱহাৰ কৰি আহিছিল ৷ কিন্তু বিজেপিয়ে বৈধভাৱে এইসকল বিদেশীক নাগৰিকত্ব দিব বিচাৰিছে ৷’ প্রসংগক্রমে আছুৰ সম্পাদকজনে মন্ত্রী হিমন্ত বিশ্ব শর্মাক সমালোচনাৰ লক্ষ্য কৰি কয় যে মন্ত্রীগৰাকীয়ে নিশ্চয় ৰঞ্জন গগৈতকৈ বেছি আইন নাজানে ৷ আনহাতে, কালি ড০ শর্মাই ছিনিয়ৰ, মিড্ল আৰু জুনিয়ৰ গগৈৰ উপমা দি কৰা মন্তব্যৰো প্রতিক্রিয়া প্রকাশ কৰি কয় যে এই বক্তব্যত মন্ত্রীগৰাকীৰ সংকীর্ণতা প্রতিফলিত হৈছে ৷ তেওঁ কয়– গগৈ উপাধি কেৱল লুৰিণৰ নহয় ৷ ই এক জাতি সত্তাৰ পৰিচয় ৷

অনুষ্ঠানত গৰিয়া–মৰিয়া সংগঠনৰ নেতৃত্বয়ো ভাষণ প্রদান কৰে ৷ আছুৰ শোণিতপুৰ জিলাৰ সভাপতি অভিজিৎ নাথকে প্রমুখ্য কৰি নেতাসকলে আয়োজন কৰা জনতাৰ গর্জন শীর্ষক বিশাল প্রতিবাদী কার্যসূচীয়ে বৃহত্তৰ অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে ৷

You might also like