অসমীয়াতে টুইট লিখি ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ আজি পহিলা ব’হাগ । আজি অসমীয়াতে টুইট লিখি অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰঙালী বিহুয়ে ৰাজ্যত ঐক্য আৰু বান্ধোন দৃঢ় কৰিতোলাৰ কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ এই শুভক্ষণত আপোনালোক আটাইকে মোৰ
আন্তৰিক ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ জনজীৱনৰ বাপতিসাহোন এই উৎসৱে সমাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন অধিক দৃঢ় কৰি তোলক তাৰেই কামনা কৰিছোঁ।Best wishes on the auspicious occasion of Bohag Bihu.
— Narendra Modi (@narendramodi) April 14, 2020