অসমীয়াভাষী বড়ো কছাৰী পৰিষদ গঠনৰ আশ্বাস মুখ্যমন্ত্রীৰ
নিয়মীয়া বার্তা, ৫ মার্চঃ অসম বড়ো কছাৰী জাতীয় পৰিষদ, অসমীয়াভাষীয়ে নৱগঠিত বি টি আৰ এলেকাৰ বাহিৰত থাকি অসমৰ ভাষা–সংস্কৃতিত অৰিহণা আগবঢ়াই বঞ্চিত আৰু নিপীড়িত অৱস্থাত বসবাস কৰা পাঁচ লক্ষাধিক অসমীয়াভাষী বড়ো কছাৰী জনসাধাৰণৰ আর্থ–সামাজিক উন্নয়নৰ দাবীত ‘বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ (অসমীয়াভাষী)’ নাইবা ‘কছাৰী টেৰিটৰিয়েল কাউঞ্চিল’ গঠনৰ দাবীৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে মঙলবাৰে বিধানসভা কক্ষত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কার্যালয়ত এখন স্মাৰক–পত্র প্রদান কৰে ৷ বিধায়ক নোমল মমিনৰ লগতে সংগঠনটোৰ সভাপতি পোনাৰাম ববড়ো, মুখ্য সম্পাদক দীন বসুমতাৰী, যুৱ সংগঠনৰ সভাপতি মহেশ নার্জাৰীকে প্রমুখ্য কৰি সঁজাতী দলটোৱে প্রাগঐতিহাসিক যুগৰে পৰা অসমত বসবাস কৰি অহা তথ্য উল্লেখ কৰি বড়ো কছাৰীসকলৰ আর্থিক–সামাজিক–শৈক্ষিক দিশত একেবাৰে বিধবস্ত বুলি দাবী কৰি ভাষিক বড়োসকলৰ পৰা এক পৃথক সত্তা বুলি দাবী কৰি নিজকে বঞ্চিত জনগোষ্ঠী বুলি উল্লেখ কৰে ৷ বড়োভাষিক বড়োসকলে সকলো সা–সুবিধা লাভ কৰি অহাৰ বিপৰীতে অসমীয়া ভাষা কোৱা সুকীয়া সামাজিক–সাংস্কৃতিক পৰিচয় থকা বড়ো–কছাৰী জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে পৃথক স্বায়ত্ত পৰিষদ গঠন, ভূমি পট্টা আৰু ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ তথ্য অনুসৰি বড়ো কছাৰী হিচাপে পৰিচয় প্রদান, নিগম–নিকায় আদিত সংৰক্ষণ, বড়ো কছাৰী অসমীয়াভাষী সাংস্কৃতিক বিকাশ ভৱন নির্মাণ, গুৱাহাটীত ছাত্র–ছাত্রী আৰু জনগোষ্ঠীটোৰ বাবে সিজু ভৱন নির্মাণ, ৰামায়ণ প্রথমবাৰলৈ প্রান্তীয় ভাষালৈ অনুবাদ কৰিবলৈ ৰাজপৃষ্ঠপোষকতা প্রদান কৰা বড়ো কছাৰী ৰজা মহামাণিক্যৰ প্রতিমূর্তি নির্মাণ, বড়ো কছাৰী অসমীয়াভাষী বসতিপ্রধান এলেকাৰ আন্তঃগাঁথনি উন্নয়ন আদি বিভিন্ন দাবীসম্বলিত স্মাৰক–পত্রখন গ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সঁজাতী দলটোৰ সৈতে আলোচনাত মিলিত হৈ এই সর্ম্পকত যথাবিহিত ব্যৱস্থা গ্রহণ কৰিব বুলি আশ্বাস প্রদান কৰে বুলি সংগঠনটোৰ মুখ্য সম্পাদন দীন বসুমতাৰীয়ে জানিবলৈ দিছে ৷