নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ উৰুঙা পদূলিত আজি প্ৰাণৰ ৰঙালীৰ উৰুকাঃ কাইলৈ গৰুবিহু

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ মানৱ সভ্যতা এতিয়া গভীৰ সংকটত । অদৃশ্য শক্তি ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে বিশ্বসমুদায়ে । একবিংশ শতিকাৰ অত্যাধুনিক চিকিৎসা বিজ্ঞানেও পৰাভূত কৰিব পৰা নাই প্ৰাণঘাতী ভাইৰাছক । নিতৌ হাজাৰ হাজাৰজনৰ দেহলৈ মহামাৰীৰ বীজাণু সংক্ৰমিত হোৱাৰ সমান্তৰালকৈ অনেকৰ প্ৰাণহানি ঘটিছে । মহাশক্তিধৰ আমেৰিকাৰ পৰা ইটালী, স্পেইন, জাৰ্মান, জাপান, ফ্ৰান্স, চীনকে ধৰি কোনো এখন দেশেই বাদ পৰা নাই মহামাৰীৰ সংক্ৰমণৰ পৰা । ভাৰততো দ্ৰুত সংক্ৰমণ হোৱা ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংকই গ্ৰাস কৰি ৰাখিছে অসমকো । সমগ্ৰ দেশৰ লগতে লকডাউনৰ কবলত থকা অসমৰ আকাশত এতিয়া মহামাৰীৰ কলীয়া ডাৱৰ । তাৰ মাজতো লঠঙা বিৰিখৰ ডাল আৱৰিছে সেউজীয়াৰ আস্বাদনে । ঋতুৰাজ বসন্তৰ বোকোচাত উঠি কুলি-কেতেকীৰ মাতে ব’হাগ অহাৰ বতৰা দিছে । ব’হাগ মানেই অসমীয়াৰ বাপতিসাহোন প্ৰাণৰো প্ৰাণ ৰঙালী বিহু । পিছে অসমীয়াৰ বাবে এইবাৰৰ ব’হাগ যেন হৈ পৰিছে অসহনীয় । তৃতীয় বিশ্বযুদ্ধই অসমীয়াৰ পদূলি উৰুঙা কৰি ৰাখিছে । মনবোৰো উকা । সামাজিক ব্যৱধান বৰ্তাই ৰখাৰহে আপ্ৰাণ চেষ্টা । এইবাৰৰ ৰঙালীত ৰঙিয়াল নহ’ব অসমীয়াৰ মন-প্ৰাণ । আজি বিহুৰ উৰুকা । কাইলৈ গৰুবিহু । প্ৰতিজন অসমীয়াই হেঁপাহৰ বিহুটিৰ দিন-বাৰ আঙুলিৰ মূৰত লেখিছে যদিও আড়ম্বৰতাক সকলোৱে পৰিহাৰ কৰিবলৈ ইতিমধ্যে মনতে প্ৰস্তুত হৈছে । প্ৰত্যেকেই মাৰ বান্ধিছে অদৃশ্য শক্তি ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ । ইতিমধ্যে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধকল্পে জাৰি কৰা হৈছে চৰকাৰী নিৰ্দেশনা । অৱশ্যে তাৰ মাজতো পৰম্পৰাক ৰক্ষা কৰিবলৈ প্ৰতিজন অসমীয়াই বদ্ধপৰিকৰ । কিয়নো ব’হাগ যে মাথোঁ এটা ঋতু নহয়, নহয় ব’হাগ এটি মাহ, ব’হাগ অসমীয়া গণজীৱনৰ সাহ… ।

লকডাউনে স্বাভাৱিক জীৱনযাত্ৰা স্পন্দনহীন কৰা সত্বেও পৰম্পৰা ৰক্ষা কৰি গৰুবিহুৰ দিনা গোহালিৰ গো-ধনক লাউ-বেঙেনা খুৱাই গা ধুৱাবলৈ, পহিলা ব’হাগৰ দিনটোত প্ৰিয়জনক বিহুৱান দিবলৈ অনাড়ম্বৰপূৰ্ণভাৱে হ’লেও সকলোৱে জা-যোগাৰ কৰাত ব্ৰতী হৈছে । কিন্তু তাৰ মাজতো ব’হাগক ধিয়াই মনৰ গভীৰতম কোণৰ পৰা ওলাই আহিছে হুমুনিয়াহ – এইবাৰৰ ৰঙালীত মুকলি পথাৰৰ পৰা ভাহি নাহিব ঢোলৰ গুমগুমনি, পেঁপা-গগনাৰ মাত, কঁকাল ভাঙি ভাঙি নানাচিব নাচনীয়ে । ন’ভেল ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধকল্পে চৰকাৰে আৰোপ কৰা বাধা-নিৰ্দেশ মানি বিহুৰ সকলো ৰাজহুৱা কাৰ্যসূচী ইতিমধ্যে বাতিল কৰা হৈছে । সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে গৰুবিহুৰ দিনা জজ খেলপথাৰত আয়োজন কৰি অহা ঐতিহ্যপূৰ্ণ মুকলি বিহুৰ কাৰ্যসূচীও বাতিল কৰা হৈছে । আনকি এইবাৰ মুকলি বিহুৰ পতাকাও উত্তোলন কৰা নহয় । উল্লেখ্য যে অসম আন্দোলনৰ সময়ৰে পৰাই ছাত্ৰ সন্থাই জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰি আহিছিল । এইবাৰেই প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হৈছে ।

You might also like