অসমৰ ‘কা’বিৰোধী জনসংগ্রামক বাঙালী নেতা সুকুমাৰ বিশ্বাসৰ উপলুঙা
ভাষা সংকটৰ মিথ্যাচাৰেৰে চলিছে আন্দোলন
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ জাতি–মাটি–ভেটিৰ লগতে ভাষা সংকটৰ মিথ্যাচাৰেৰে সাধাৰণ জনতাক বিভ্রান্ত কৰি ৰাজ্যখনত ‘কা’বিৰোধী আন্দোলন অব্যাহত ৰাখিছে চৰকাৰবিৰোধী দল–সংগঠনসমূহে৷ আন্দোলনকাৰী সাধাৰণ জনতাক উদ্দেশ্যি সদৌ অসম বাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ প্রাক্তন সভাপতি তথা মুখ্য উপদেষ্টা আৰু বাঙালী যৌথ সমন্বয় সমিতি, অসমৰ সভাপতি সুকুমাৰ বিশ্বাসে বৃহস্পতিবাৰে এটা বিবৃতিযোগে কয় যে অসম প্রাক্–স্বাধীনতাৰ কালৰ পৰাই বাঙালী হিন্দুৰ বসতি৷
বিশেষকৈ ব্রহ্মপুত্র উপত্যকাৰ ত্রিশ শতাংশ বাঙালী হিন্দুৱেই দেশ বিভাজনৰ বলি হৈ নিজ ধর্ম–সংস্কৃতি ৰক্ষাৰ তাগিদাত তদানীন্তন জাতীয় নেতৃবৃন্দৰ আহ্বান আৰু সহযোগত শৰণার্থী হিচাপে আশ্রয় লৈছিল৷ কালক্রমত সেইসকলে পৰিৱেশৰ তাগিদাতেই হওক বা অসমীয়া ৰাইজৰ ওচৰত কৃতজ্ঞতা স্বীকাৰৰ সুবাদতেই হওক, নিজ সন্তানক অসমীয়া মাধ্যমতে শিক্ষিত কৰি বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ সৈতে বিলীন হৈ গৈছে৷ যাৰ বাবে ব্রহ্মপুত্র উপত্যকাত হিন্দু শৰণার্থীয়ে প্রতিষ্ঠা কৰা এখনো বাংলা মাধ্যমৰ বিদ্যালয় পাবলৈ নাই৷ ব্রহ্মপুত্র উপত্যকাত যি পঁচিশ–ত্রিশখন ৰে’লকেন্দ্রিক বাংলা মাধ্যমৰ হাইস্কুল আছে, সেইবোৰ ৰে’লৰ চাকৰি সূত্রে অসমলৈ অহা পশ্চিমবংগৰ চাকৰিয়ালসকলে ব্রিটিছৰ সহযোগত প্রতিষ্ঠা কৰা বিদ্যালয়হে৷ গতিকে তেতিয়াৰ শৰণার্থী আৰু আজিৰ বাংলাভাষী–সমীয়াসক্ ভুল নুবুজিবলৈ ‘কা’বিৰোধী অসমপ্রেমী সাধাৰণ জনতালৈ আহ্বান জনাইছে সুকুমাৰ বিশ্বাসে৷
অৱশ্যে এই কথাষাৰ বাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ সুদীর্ঘকালৰ সভাপতি সুকুমাৰ বিশ্বাসে বহুবাৰ ৰাজহুৱাভাৱে দৃঢ়তাৰে কৈছে যে ব্রহ্মপুত্র উপত্যকাৰ স্বাধীনতাৰ পূর্বৰ আৰু স্বাধীনতাৰ উত্তৰসূৰী বাঙালীসকলে ভাষাক লৈ আৱেগিক নহয়, ধর্মক লৈহে আৱেগিক৷ গতিকে ‘কা’বিৰোধীসকল অসমীয়া ভাষাক লৈ শংকিত হোৱাৰ কাৰণ নাই৷ কাৰণ ব্রহ্মপুত্র উপত্যকাৰ বাংলাভাষী–সমীয়াসক্ মনে–প্রাণে অসমীয়া৷ ষাঠিৰ দশকত হোৱা ভাষা আন্দোলনত ব্রহ্মপুত্র উপত্যকাৰ বাঙালীসকলৰ নির্লিপ্ততা তাৰ উৎকৃষ্ট উদাহৰণ বুলিও মন্তব্য কৰে৷ ইয়াৰ লগতে সুকুমাৰ বিশ্বাসে কয় যে অসম অসমীয়াৰ৷ ইয়াৰ ভাষা অসমীয়া৷ অসমীয়া ভাষা–সংস্কৃতি চিৰস্থায়ীকৰণত চৰকাৰী ঘোষণাক মনে–প্রাণে আদৰণি জনাইছে ৰাজ্যৰ বাংলাভাষী–সমীয়াসক্৷ তদুপৰি শিক্ষাৰ সকলো মাধ্যমতে অসমীয়া বিষয়টোক বাধ্যতামূলক বিষয় হিচাপে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তকো বিবৃতিটোৰ জৰিয়তে প্রশংসা কৰে তেওঁ৷