নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ কোন কোন গৈছিল দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ?

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল অসমৰ বিভিন্ন জিলাৰ লোক। এই সন্দৰ্ভত এজন লোকে কয় যে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজটো চলাই থাকে দেশৰ বিভিন্ন প্ৰদেশবোৰে আৰু এইবাৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ দায়িত্ব পৰিছিল অসম আৰু ওড়িশাৰ সেয়ে অসমৰ পৰা পঠাব লগীয়া হৈছিল বহু সংখ্যক প্ৰতিনিধি। বৰ্তমান দিল্লীত আৱদ্ধ হৈ আছে বহু লোক।
আনহাতে হাইলাকান্দিৰ পৰাও প্ৰথমে গৈছিল ৩২জন লোক আৰু তাৰ পাছত গৈছিল ৯জন। এই ৯জন লোক ঘূৰি আহিছে যদি বৰ্তমান নতুন দিল্লীতে আছে ৩২জন লোক।

You might also like