নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ গোলাপ সুদিত্যৰ ভাৰোত্তোলনত স্বর্ণ পদক অর্জন

খেলো ইণ্ডিয়াত অব্যাহত জয়যাত্রা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ভৱিষ্যতৰ ক্রীড়া তাৰকা সৃষ্টিৰ শক্তিশালী মঞ্চ খেলো ইণ্ডিয়া য়ুথ গেমছত জয়যাত্রা অব্যাহত ৰাখিছে আয়োজক ৰাজ্য অসমে ৷ গুৱাহাটীত প্রথমবাৰৰ বাবে আয়োজিত প্রতিযোগিতাখনত অসমে সোমবাৰে দুটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ জলপৰী শিৱাংগী শর্মাই চাৰিটাকৈ স্বর্ণজয়েৰে ৰাজ্যৰ ক্রীড়া জগতত খলকনি তোলাৰ সময়তে সোমবাৰে অসমলৈ সু–সংবাদ কঢ়িয়াই আনে দুই প্রতিভাৱান ভাৰোত্তোলক গোলাপ গগৈ আৰু সুদিত্য বৰুৱাই ৷ দিছপুৰস্থিত ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত চলি থকা ভাৰোত্তোলনৰ জুনিয়ৰ শাখাৰ ৮১ কেজিত চমকপ্রদ প্রদর্শনেৰে ডিব্রুগড়ৰ সু–সন্তান গোলাপ গগৈয়ে অসমৰ হৈ সোণৰ পদক লাভ কৰে ৷ তেওঁ স্নেটছত ১২০ কেজি আৰু ক্লীন এণ্ড জার্কত ১৫৫ কেজিসহ মুঠ ২৭৫ কেজি উত্তোলন কৰি সোণৰ পদকৰ অধিকাৰী হয় ৷

উল্লেখ্য যে ক্লীন এণ্ড জার্কত ১৫৫ কেজি আৰু সামগ্রিকভাৱে ২৭৫ কেজি উত্তোলন কৰি গোলাপ গগৈয়ে নতুন জুনিয়ৰ ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পূর্বে ক্লীন এণ্ড জার্কত জুনিয়ৰ ৰাষ্ট্রীয় অভিলেখ আছিল ১৫০ কেজি আৰু সামগ্রিকভাৱে আছিল ২৬৮ কেজি৷ ইফালে খেলো ইণ্ডিয়া য়ুথ গেমছৰ ভাৰোত্তোলনত অসমৰ খেলুৱৈৰ সফলতাৰ ধাৰা অব্যাহত ৰাখি চৰাইদেউৰ প্রতিভাৱান ভাৰোত্তোলক সুদিত্য বৰুৱাই য়ুথ শাখাৰ ৮৯ কেজি ইভেণ্টত স্বর্ণপদক অর্জন কৰে৷ তেওঁ স্নেটছত ১১৪ কেজি আৰু ক্লীন এণ্ড জার্কত ১৩৭ কেজিসহ মুঠ ২৫১ কেজি উত্তোলন কৰি অসমলৈ এই স্বর্ণিল সাফল্য কঢ়িয়াই আনে৷ জুনিয়ৰ শাখাৰ ৮৯ কেজিত অসমৰ ত্রিদিব বৰুৱাই অতি কম ব্যৱধানৰ বাবে আজি পদক লাভ কৰিবলৈ সক্ষম নহ’ল৷ সামগ্রিকভাৱে ২৬৭ কেজি উত্তোলন কৰা অসমৰ ভাৰোত্তোলকগৰাকীয়ে উক্ত ইভেণ্টত চতুর্থ স্থান লাভ কৰে৷ ইয়াৰ পূর্বে অসমৰ সিদ্ধান্ত গগৈয়ে চলিত খেলো ইণ্ডিয়া য়ুথ গেমছৰ ভাৰোত্তোলনত স্বর্ণপদক জয়েৰে ৰাজ্যৰ ক্রীড়াপ্রেমীক গৌৰৱান্বিত কৰিছিল৷ অসম ভাৰোত্তোলন সন্থাৰ কার্যকৰী সভাপতি ভৱজ্যোতি গোস্বামীয়ে পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জনাইছে ৷

You might also like