অসমৰ পর্যটনত নতুন মাত্রা দিব ৰিজ’ৰ্ট বিছ ফায়াৰে
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ পৰা নাতিদূৰৰ মায়ঙৰ চনকা এতিয়া হৈ পৰিছে পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু৷ চনকাত বৃহস্পতিবাৰে যুৱ উদ্যোগী দীপক ডেকাই স্থাপন কৰা ৰিজ’ৰ্ট বিছ ফায়াৰৰ ফিতা কাটি শুভাৰম্ভ কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ কালি সন্ধিয়া ৬ বজাত উক্ত আটকধুনীয়া ৰিজ’ৰ্টখনৰ দ্বাৰ মুকলি কৰি ৰিণিকি ভূঞা শর্মাই কয়– অসমৰ পর্যটন উদ্যোগত এই ৰিজ’ৰ্টখনে এক নতুন মাত্রা প্রদান কৰিব৷