নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্ৰথমটো ক’ৰোনা ভাইৰাছৰ HOTSPOT আঠগাঁও কবৰস্থান মছজিদ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ অসমৰ প্ৰথমটো ক’ৰোনা ভাইৰাছৰ HOTSPOT চিনাক্ত কৰা হ’ল । আঠগাঁও কবৰস্থান মছজিদক স্বাস্থ্যবিভাগৰ পৰা অসমৰ প্ৰথমটো ক’ৰোনা ভাইৰাছৰ HOTSPOT বুলি চিনাক্ত কৰা হয় । তাৰ পাছতে ছীল কৰা হয় আঠগাঁও কবৰস্থান মছজিদটো ।

১২ মাৰ্চত এই মছজিদত ১০০ জন লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ধৰ্মীয় অনুষ্ঠান । য’ত অংশ লৈছিল ক’ৰোনাত পজিটিভ হোৱা ৩ জনকৈ লোকে । ইপিনে এই ১০০ জন লোকৰ সকলোৰে নাম এই পৰ্যন্ত লাভ নকৰাৰ বাবে যিসকলক চিনাক্ত কৰা হৈছে তেওঁলোক একাংশক কোৱাৰেণ্টাইন কৰা হৈছে ।

অহা ১৪ দিনলৈ আঠগাঁও কবৰস্থান মছজিদটো ছীল কৰি কণ্টেইনমেইন জ’ন ৰূপে ঘোষণা কৰা বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like