অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিবংগৰ প্ৰাক্তন ৰাজ্যপাল দেবানন্দ কোঁৱৰৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা অসমৰ প্ৰাক্তন মন্ত্ৰী দেৱানন্দ কোঁৱৰৰ দেহাৱসান। পুৱতি নিশা প্ৰায় ৩ বজাত মৃত্যু হয় প্ৰাক্তন মন্ত্ৰীজনৰ। মহানগৰীৰ ৰুক্মিনীগাঁওস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনীতিবিধগৰাকীয়ে।
১৯৯১চনৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰত বিত্তমন্ত্ৰী হিচাপে আৰু আৰু তৰুণ গগৈৰ চৰকাৰত শক্তি মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। আনহাতে শেহতীয়াকৈ AIUDFত যোগদান কৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শোক প্ৰকাশ কৰে।
Saddened to learn about the demise of former Governor of Bihar, WB & Tripura and former Assam Minister Devananda Konwar. My sincere condolences to bereaved family members and well-wishers. pic.twitter.com/PGqMmNcJ0U
— Sarbananda Sonowal (@sarbanandsonwal) April 25, 2020