নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ শিক্ষানুষ্ঠানত ১৫ এপ্রিললৈ নিষিদ্ধ প্রাতঃসভা শিক্ষামূলক ভ্রমণ–প্রদর্শনী

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ প্রাণঘাতী ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শনিবাৰে জাৰি কৰিছে কেতবোৰ বিশেষ নির্দেশনা৷ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই উচ্চ শিক্ষা সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্রাথমিক শিক্ষা সঞ্চালকলৈ জাৰি কৰা এই নির্দেশনাৰ জৰিয়তে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়, উচ্চ শিক্ষা অনুষ্ঠান আদিত ‘পুৱাৰ সমাৱেশ’ (প্রাতঃসভা), প্রদর্শনী, শিক্ষামূলক ভ্রমণ আদিৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

ৰাজহুৱা স্বার্থত তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ বলৱৎ কৰা এই প্রতিৰোধমূলক ব্যৱস্থা অহা ১৫ এপ্রিলপর্যন্ত বলৱৎ থাকিব৷ একেটা নির্দেশনাতে শ্রেণী আৰম্ভ হোৱাৰ পূর্বে শিক্ষকৰ দ্বাৰা ছাত্র–ছাত্রীসকলৰ হাত ধোৱা, কাহিলে মুখত ৰুমাল লোৱা, জনসমাৱেশৰ পৰা আঁতৰি থকা আদিৰ দৰে সজাগতামূলক আৰু ছেনছিটিজেচন ব্যৱস্থা গ্রহণ কৰিবলৈও কোৱা হৈছে৷ তদুপৰি শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক প্রয়োজনীয় স্বাস্থ্য ব্যৱস্থা নিশ্চিত কৰিবলৈ কোৱা হৈছে নির্দেশনাটোত৷

You might also like