অসমৰ সীমান্তত উদ্ধোধন নহ’ল জুবিন গাৰ্গ দলং
নিয়মীয়া বাৰ্তা ২৯ ফেব্ৰুৱাৰীঃ সীমান্ত টেঙাপানী ৰাইজৰ আশাশুধিয়া প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা ৪৯০মিটাৰ দৈঘ্যৰ জুবিন গাৰ্গ নামৰ বাহৰ দলংখন উদ্বোধন নহ’ল ৷ গাঁৱৰ ৰাইজে শিল্পীজনৰ প্ৰতি থকা প্ৰেম আৰু শ্ৰদ্ধাৰ চিন স্বৰুপে এইদলংখন বিশেষ প্ৰচেষ্টাৰে এমাহ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ কৰিছিল পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিঙৰ বুকুত ৷ দলংখন আজি জুবিন গৰ্গে নিজ হাতে ফিটাকাটি আনুস্থানিকতাৰে শুভ উদ্ধোধন কৰাৰ কথা আছিল ৷ পৰম আশাৰে অপেক্ষাৰত ৰাইজৰ আজি পুৱা আগমন হৈছিল দলং নিৰ্মাণ স্থলিলৈ ৷ কিন্তু জুবিনৰ অসুস্থতাৰ কথা সৰ্বজনে জানিব পাৰি হতাশহৈ পৰা ৰাইজে মৰমৰ শিল্পীজনাৰ আশুআৰোগ্য কামনা কৰি ভগৱানক জনালে প্ৰাৰ্থনা ৷ সমবেত ৰাইজে দলঙৰ তলত তথা নৈৰ পাৰত এশএগছি মিঠাতেলৰ চাকি জ্বলাই শিল্পীজনাৰ অতি সোনকালে সুস্থ কৰি তুলিবলৈ প্ৰাৰ্থনা জনাই নেদেখাজনৰ ওচৰত ৷ সীমান্ত বাসীয়ে আজিও আশা কৰে যে, অতি কম দিনৰ ভিতৰতে জুবিন গাৰ্গে সুস্থহৈ শু শৰীৰে আহি ফিটা কাতি উদ্ধোধন কৰিবহি এই দলংখন ৷