নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনৰ নিৰ্ধাৰণঃ অসমৰ বাবে নতুন ৰাজপত্রিত অধিসূচনা জাৰি

সমষ্টি পুনৰ নির্ধাৰণৰ প্রতিবন্ধকতা আঁতৰালে কেন্দ্রীয় চৰকাৰে

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ সমষ্টি পুনৰ নির্ধাৰণক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা চর্চাৰ মাজতে শুকুৰবাৰে কেন্দ্রীয় চৰকাৰে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ গঠনৰ প্রক্রিয়া আৰম্ভ কৰিলে ৷ ২০২১ চনত হ’ব লগা ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রাকক্ষণত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে অসমৰ লগতে অৰুণাচল, মণিপুৰ আৰু নাগালেণ্ডৰ ওপৰত সমষ্টি পুনৰ গঠনৰ যি প্রতিবন্ধকতা আছিল, শুকুৰবাৰে এক ৰাজপত্রিত অধিসূচনা জাৰি কৰি ইয়াক প্রত্যাহাৰ কৰে ৷ ইয়াৰ লগে লগে অসমৰ লগতে আন ৰাজ্যকেইখনৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নির্ধাৰণৰ বাট প্রশস্ত হ’ল ৷

উল্লেখ্য যে ২০০২ চনত সংসদে সমগ্র দেশতে সমষ্টি পুনৰ নির্ধাৰণৰ বাবে জাননী জাৰি কৰি এক আয়োগ গঠন কৰিছিল ৷ সেইমর্মে ২০০৮ চনৰ ২৬ নৱেম্বৰত দেশৰ সকলো ৰাজ্যৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ গঠনৰ কাম সম্পন্ন কৰে আয়োগে ৷ কিন্তু আইন–শৃংখলাৰ অজুহাত দেখুৱাই সেই বর্ষৰে ৪ ফেব্রুৱাৰীত এক জাননী জাৰি কৰি কেন্দ্রীয় চৰকাৰে অসম, অৰুণাচল, মণিপুৰ আৰু নাগালেণ্ডক সমষ্টি পুনৰ গঠনৰ প্রক্রিয়াৰ পৰা আঁতৰাই ৰখা হয় ৷ যাৰ বাবে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ গঠনৰ দীর্ঘদিনীয়া দাবী স্থবিৰ হৈ পৰে ৷

অতি শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজ্যৰ সমষ্টিসমূহৰ সীমা নতুনকৈ নির্ধাৰণ কৰাৰ বাবে এক প্রস্তাৱ যুগুত কৰি ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিছিল ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অলপতে অসম ভ্রমণ কৰাৰ সময়ত বিষয়টো মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতেও আলোচনা কৰিছিল বুলি চর্চা চলিছিল৷ এনে প্রক্রিয়া তথা পৰিস্থিতিৰ মাজতে আজি কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে পূর্বৰ প্রতিবন্ধকতা আঁতৰাই সমষ্টি পুনৰ নির্ধাৰণৰ বাবে জাৰি কৰা অধিসূচনাই বিশেষ তাৎপর্য বহন কৰিছে৷ বিশেষকৈ ২০২১ চনৰ বিধানসভা নির্বাচনলৈ এটা বছৰ বাকী থকা অৱস্থাত সমষ্টি পুনৰ গঠনৰ বাবে কেন্দ্রই গ্রহণ কৰা এনে পদক্ষেপে স্বাভাৱিকতে অসমৰ ৰাজনৈতিক প্রেক্ষাপট সলনি কৰিব ৷

You might also like