নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৫খন জিলাহে সুৰক্ষিত, ২৭খন জিলাই সুৰক্ষিত নহয়ঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মা

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব বুলি অসমৰ একাংশ সংগঠনে দাবী কৰাৰ প্ৰত্যুত্তৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ৫খন জিলাতহে অসমীয়া সুৰক্ষিত, বাকী ২৭খন জিলাতেই সুৰক্ষিত নহয় অসমীয়া। অসমীয়াৰ বেদনা বুজিব লাগিলে ধুবুৰী, গোৱালপাৰা, মৰিগাঁৱলৈ আহিবলৈ আহ্ৱান মন্ত্ৰীগৰাকীৰ। তেওঁ লগতে কয় যে এই জিলাসমূহত অসমীয়াৰ মাটি কোনোবাই কাঢ়ি লৈ গৈছে আৰু অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে। সমগ্ৰ অসমতেই আমি নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছো, অসমৰ যদি ২৭খন জিলাই সুৰক্ষিত নহয় আমি জাতিটোক বেছি দিনলৈ সুৰক্ষিত কৰি ৰাখিব নোৱাৰো বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।

                          বিধানসভাত সংখ্যাগৰিষ্ঠতাকে ধৰি অসমখন খিলঞ্জীয়াৰ ৰাজ্য হিচাপে বেছি দিন নাথাকিব যদি ২৭খন জিলাতেই অসমীয়াৰ অস্তিত্ব বিপদাপন্ন হৈ ৫খন জিলাত সংখ্যাগৰিষ্ঠতা হৈ থাকিলেও আমি জাতিটোক ধৰি ৰাখিব নোৱাৰিম বুলি দুধনৈত সদৌ ৰাভা ছাত্ৰ সন্থা আৰু সদৌ ৰাভা মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিবেশনত মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।