নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আন্দোলনৰ শ্বহীদ নির্যাতিত পৰিয়ালৰ সংস্থাপনত দায়বদ্ধ চৰকাৰ

সদনত সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ বিবৃতি

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ অসম আন্দোলনৰ শ্বহীদ নির্যাতিত পৰিয়ালৰ সদস্যৰ সংস্থাপনক লৈ আমাৰ চৰকাৰ দায়বদ্ধ ৷ –এই ঘোষণা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ৷ অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ ৩০১ নং নিয়মাৱলীৰ অধীনত বুধবাৰে অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই শ্বহীদ নির্যাতিত পৰিয়ালৰ সদস্যৰ সংস্থাপনৰ বিষয়টো সদনত উত্থাপন কৰে ৷ বিধায়ক কলিতাই প্রায় ৮৯০টা পৰিয়ালৰ ৩১০জন সদস্যই ২১টা বিভাগত চাকৰিৰ বাবে আবেদন দাখিল কৰাৰ কথা উল্লেখ কৰি তেওঁলোকৰ ক্ষেত্রত সহানুভূতিৰে বিবেচনা কৰি নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ৷ অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হৈ সংসদীয় পৰিক্রমা মন্ত্রী পাটোৱাৰীয়ে বিষয়টো সন্দর্ভত চৰকাৰী বিবৃতি প্রদান কৰে ৷

তেওঁ কয় যে অসম চুক্তি ৰূপায়ণ বিভাগ শ্বহীদ নির্যাতিত পৰিয়ালৰ সদস্যক নিযুক্তি দিয়াৰ লগত জড়িত নহয় ৷ এ পি এছ (পি এ) ৰুলছ, ১৯৯৯ৰ ৬ নং বিধি অনুযায়ী বিভিন্ন প্রশাসনীয় বিভাগে দিয়া নিযুক্তিৰ খতিয়ান লগে লগে অসম চুক্তি ৰূপায়ণ বিভাগক জনাব লাগে ৷ এ পি এছ (পি এ) ৰুলছ, ১৯৯৯খন কর্মচাৰী (খ) বিভাগে প্রস্তুত কৰিছিল ৷ যিহেতু উচ্চতম ন্যায়ালয়ে বিভিন্ন গোচৰৰ ভিত্তিত দিয়া নির্দেশ অনুযায়ী অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্রত কিছু বাধা আৰোপ কৰিছে আৰু তাৰ ভিত্তিত এ পি এছ (পি এ) ৰুলছ, ১৯৯৯ৰ দৰে নীতিবোৰ ৰদ কৰাৰ বাবে নির্দেশনা জাৰি কৰিছে তথা ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে এ পি এছ (পি এ) ৰুলছ, ১৯৯৯ ৰদ কৰাৰ পৰামর্শ দিছে সেয়েহে কর্মচাৰী (খ) বিভাগে এক নতুন নীতিৰ খচৰা প্রস্তুত কৰি আছে৷ প্রস্তুত কৰি থকা এই নতুন নীতিৰ ওপৰত অসম চুক্তি ৰূপায়ণ বিভাগে ইতিমধ্যে যাৱতীয় পৰামর্শ আগবঢ়াইছে ৷

মন্ত্রী পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে সংশ্লিষ্ট জিলা উপায়ুক্তসকলৰ পৰা পোৱা তথ্যৰ ভিত্তিত এতিয়ালৈকে অসম আন্দোলনৰ ৮০৫ শ্বহীদ পৰিয়াললৈ আর্থিক অনুদান আগবঢ়োৱা হৈছে৷ বাকী থকাসকলক জিলা উপায়ুক্তসকলৰ পৰা প্রয়োজনীয় তথ্য পালে অনুদান আগবঢ়োৱা হ’ব৷ অসম আন্দোলনৰ গুলীবিদ্ধসকলৰ ভিতৰত এতিয়ালৈ ২৬৮জন ব্যক্তি তথা ব্যক্তিৰ পৰিয়ালক ২ লাখ টকাকৈ দিয়া হৈছে আৰু ২৬জনৰ ক্ষেত্রত অনুমোদন জনোৱা হৈছে৷ বাকী থকাসকলক সংশ্লিষ্ট জিলা উপায়ুক্তসকলৰ পৰা প্রয়োজনীয় তথ্য পালে অনুদান আগবঢ়োৱা হ’ব৷ সেইদৰে নির্যাতিত লোকসকলৰ সাহায্য আগবঢ়োৱাৰ ক্ষেত্রত বর্তমানে আলোচনা–পর্যালোচনা চলি থকা বুলি তেওঁ জানিবলৈ দিয়ে ৷

You might also like