নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ শীর্ষ পর্যায়ত ৰদ–বদল

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ অসম চৰকাৰৰ গৃহ বিভাগে শুকুৰবাৰে এটা নির্দেশযোগে আৰক্ষীৰ শীর্ষ পর্যায়ত কেতবোৰ সালসলনি ঘটায় ৷ সেই অনুসৰি, কেন্দ্রীয় ডেপুটেচনৰ পৰা উভতি অহা আৰক্ষী মহাপৰিদর্শক মুন্না প্রসাদ গুপ্তাক অসম আৰক্ষীৰ (টি এ পি) মহাপৰিদর্শক হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে, অসম আৰক্ষীৰ তেজপুৰস্থিত উত্তৰ ৰেঞ্জৰ উপ–মহাপৰিদর্শক লাচিত বৰুৱাক বদলি কৰি আইন–শৃংখলা শাখাৰ উপ–মহাপৰিদর্শক হিচাপে নিযুক্তি দিয়া হৈছে ৷ সেইদৰে, আৰক্ষীৰ ডিফুস্থিত কেন্দ্রীয় ৰেঞ্জৰ উপ–মহাপৰিদর্শক দিলীপ কুমাৰ ডেকাক বদলি কৰি শিলচৰৰ দক্ষিণ ৰেঞ্জৰ উপ–মহাপৰিদর্শক হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে, অসম আৰক্ষীৰ এম পি চিৰ উপ–মহাপৰিদর্শক নিতুল গগৈক তেজপুৰস্থিত উত্তৰ ৰেঞ্জৰ উপ–মহাপৰিদর্শক হিচাপে বদলি কৰা হৈছে ৷ সেইদৰে, কোকৰাঝাৰস্থিত বি টি এডিৰ উপ–মহাপৰিদর্শক সত্যৰাজ হাজৰিকাক কেন্দ্রীয় ৰেঞ্জৰ উপ–মহাপৰিদর্শক হিচাপে বদলি কৰা হৈছে ৷ ইফালে, আৰক্ষীৰ আইন–শৃংখলাৰ উপ–মহাপৰিদর্শক তথা অসম আৰক্ষীৰ গৃহ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতাক আইন–শৃংখলাৰ দায়িত্বৰ পৰা অব্যাহতি দি ডেপুটেচন ভিত্তিত আৰক্ষীৰ গৃহ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক হিচাপে বাহাল ৰখা হৈছে ৷

You might also like