নিয়মীয়া বার্তা, ২ মার্চঃ কলিয়াবৰৰ শ্রীশ্রী শ্রৱণী সত্র নিৱাসী মেধাৱী ছাত্রী উৎকর্ষা মহন্তই পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ পৰা বিগত বর্ষত অনুষ্ঠিত ‘কম্পিউটেচনেল বায়’লজী’ বিষয়ত প্রথম শ্রেণীৰ প্রথম স্থানসহ ‘এম টেক’ ডিগ্রী লাভ কৰে ৷ ইয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ২৬ ফেব্রুৱাৰীত পণ্ডিচেৰী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত শিক্ষার্থীগৰাকীক শ্রেষ্ঠতাৰ চিনস্বৰূপে এটা সোণৰ পদক আৰু মানপত্র প্রদান কৰা হয় ৷ উল্লেখ্য যে ইয়াৰ পূর্বে এইগৰাকী শিক্ষার্থীয়ে গণিত বিষয়ত ক্রমে কটন বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীত স্নাতক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল ৷ প্রদীপ কুমাৰ মহন্ত আৰু ৰূপালী মহন্তৰ কন্যা উৎকর্ষা মহন্তৰ শৈক্ষিক সফলতাৰ বাবে অঞ্চলটোৰ সকলোৱে গৌৰৱবোধ কৰে ৷