নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–উত্তৰ পূর্বাঞ্চললৈ কৃষিজাত সামগ্রী সৰবৰাহৰ বাবে ১৯খন বিশেষ ৰে’ল

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ বিভিন্ন কৃষি সামগ্রী যেনে বীজ, সাৰ, কৃষি যন্ত্রপাতি আদি সৰবৰাহ কৰাত সুবিধা হোৱাকৈ ১৯খন ক’ভিড–১৯ মালবাহী ৰে’ল চলাচল কৰোৱাৰ বাবে ব্যৱস্থা লৈছে ভাৰতীয় ৰে’লৱেই ৷ ইয়াৰ উপৰি ৰাজ্যখনত উৎপাদন হোৱা ফলমূল ভাৰতবর্ষৰ বিভিন্ন মাণ্ডীলৈ প্রেৰণ কৰাৰ বাবেও অসমৰ মুখ্য সচিবকে কৃষি আয়ুক্ত আৰু সচিবৰ অধ্যক্ষতাত গঠিত ৰাজ্যিক পর্যায়ৰ সমিতিখনে বিভিন্ন পর্যায়ত যোগাযোগ কৰিছে ৷

ইতিমধ্যে দিল্লীৰ আজাদপুৰ মাণ্ডীলৈ ৯,১৩২ টন কল অসমৰ পৰা প্রেৰণ কৰাৰ দিশত বহুখিনি আগবঢ়া হৈছে ৷ এই ব্যৱস্থাসমূহৰ ফলত অসমৰ কৃষক ৰাইজ লকডাউনৰ এই সময়ছোৱাত বহুখিনি উপকৃত হ’ব ৷ বুধবাৰে দৰং আৰু শোণিতপুৰ জিলা ভ্রমণ কৰি জিলা দুখনৰ কৃষক আৰু কৃষি ক্ষেত্রৰ অৱস্থাৰ বুজ লৈ মঙলদৈ আৰু তেজপুৰত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে কৃষিমন্ত্রী অতুল বৰাই ৷ মন্ত্রী বৰাই দৰং জিলাৰ গফাইজাৰ অঞ্চলৰ পথাৰ পৰিভ্রমণ কৰি পাচলি খেতিৰ বাবে বিখ্যাত এই অঞ্চলটোৰ কৃষকৰ সৈতেও মত বিনিময় কৰে ৷ মঙলদৈত থকা উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এখন বৈঠকত কৃষিমন্ত্রী বৰাই কৃষি বিভাগৰ উপৰি পশুপালন, দুগ্ধ উন্নয়ন আদি বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হৈ জিলাখনত কৃষকৰ বাবে জিলা প্রশাসনে গ্রহণ কৰি ব্যৱস্থাসমূহৰ পর্যালোচনা কৰে ৷

এই বৈঠকত ছিপাঝাৰ সমষ্টিৰ বিধাক বিনন্দ শইকীয়া, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, জিলা উপায়ুক্ত ঘনশ্যাম দাস, কৃষি বিভাগৰ আয়ুক্ত সচিব কুলেন্দ্র তালুকদাৰ প্রমুখ্যে বিষয়াসকল উপস্থিত থাকে ৷ কৃষিমন্ত্রীগৰাকীয়ে তেজপুৰ আৱর্ত ভৱনতো সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে জিলাখনৰ কৃষি, পশুপালন তথা আনুষংগিক ক্ষেত্রসমূহৰ বুজ লয় ৷ উল্লেখ্য যে লকডাউনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বাবে পি এম কিষাণ আঁচনিৰ অধীনত এতিয়ালৈকে অসমত ২৬ লাখ ৯৮ হাজাৰ ১০১জন কৃষকৰ একাউণ্টত দুহাজাৰ টকাকৈ ধন জমা দিয়াৰ উপৰি অসম চৰকাৰে মুখ্যমন্ত্রী কৃষি সা–সঁজুলি যোজনাৰ অধীনত ২,৫০০ টকাকৈ ৩ লাখ ৫৩ হাজাৰ ৪৭৭ জন কৃষকৰ বেংক একাউণ্টত ধন জমা দিয়াৰ বিষয়েও কৃষিমন্ত্রীগৰাকীয়ে সদৰী কৰে ৷

You might also like