নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ কনকেশ্বৰ নার্জাৰী জাউৰিখাং ফৌথাৰত যোৱা ২১ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নিখিল বডো ছাত্র সন্থা, চমুকৈ এবছুৰ ৫২ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ সোমবাৰে সফল সামৰণি পৰে ৷ অন্তিম দিনৰ কার্যসূচী অনুযায়ী পুৱা বর্ণিল সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় ৷ দুপৰীয়া এবছুৰ সভাপতি প্রমোদ বডোৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত এমচিএলএ জ্যোতিৰিন্দ্র ব্রহ্মই আদৰণী ভাষণ প্রদান কৰে ৷ মুকলি সভা উদ্বোধন কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে ৷ উল্লেখ্য যে ছেৰফাংগুৰিত অনুষ্ঠিত এবছুৰ ৫২সংখ্যক কেন্দ্রীয় অধিৱেশনৰ প্রতিনিধি সভাত আঠটাকৈ গুৰুত্বপূর্ণ প্রস্তাৱ গৃহীত কৰা হৈছে ৷ অধিৱেশনৰ অন্তিম দিনা প্রতিনিধি সভাত গৃহীত হোৱা প্রস্তাৱৰ আঁত ধৰি তথা শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে গ্রহণ কৰা সিদ্ধান্তৰ প্রতিক্রিয়া প্রকাশ কৰি সাংবাদিকৰ আগত এবছুৰ সভাপতি বড়োৱে ১৯৮৫ চনত সম্পাদিত অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰিব বিচৰা প্রক্রিয়াৰ তীব্র আপত্তি দর্শাই কয় যে প্রতিনিধি সভাই বহু আলোচনা–বিলোচনাৰ অন্তত অসম চুক্তিৰ ছয় নং দফাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে ৷
কিয়নো বর্তমানৰ অসম চুক্তিৰ ছয় নং দফাৰ জৰিয়তে মূলতঃ অসমীয়াভাষীসকলৰ সুৰক্ষাৰ বিষয়টোতহে গুৰুত্ব প্রদান কৰা হৈছে ৷ অসমৰ সমূহ খিলঞ্জীয়া আৰু জনজাতিসকলৰ সুৰক্ষাৰ লগতে নিৰাপত্তাৰ দিশটো যদিহে সন্নিৱিষ্ট কৰি পুনৰীক্ষণ কৰিব পাৰে, তেতিয়াহে অসম চুক্তিৰ এই দফা গ্রহণযোগ্য হ’ব বুলি মন্তব্য কৰে ছাত্র নেতাগৰাকীয়ে ৷ ঠিক তেনেদৰে অসম চৰকাৰৰ ২০১৬ চনৰ ১৫ ফেব্রুৱাৰীৰ জাননী অনুযায়ী অসমীয়া ভাষাৰ লগতে বড়ো ভাষাকো ৰাজ্যখনৰ অন্যতম ৰাজ্যিক চৰকাৰী ভাষা হিচাপে সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ দাবী জনাইছে ৷ আনপিনে, ৰাজ্যখনৰ উন্নত, জনসংখ্যাবহুল ছয় জনগোষ্ঠীৰ জনজাতিকৰণে প্রকৃত ক্ষুদ্র ক্ষুদ্র সংখ্যাত তাকৰ ভূমিপুত্র জনজাতিসকলৰ সকলো প্রকাৰৰ অধিকাৰসহ অস্তিত্বৰ সংকটৰ গৰাহলৈ ঠেলি দিব বুলি উল্লেখ কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰো স্পষ্টভাৱে বিৰোধিতা কৰে ৷ তদুপৰি ৫২সংখ্যক এবছুৰ কেন্দ্রীয় বার্ষিক অধিৱেশনৰ প্রতিনিধি সভাৰ আন এক প্রস্তাৱমর্মে জালুকবাৰীত ব্রহ্মপুত্রৰ ওপৰত নির্মীয়মাণ অৱস্থাত থকা দ্বিতীয়খন দলং বড়ো বীৰাংগনা ‘থেংফাখ্রী’(বিৰগ’স্রী)ৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে ৷
মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰা যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচার্য কমল মল্ল বুজৰবৰুৱাই বিটিএডি অঞ্চলত ভূমিভিত্তিক আন্তঃৰাষ্ট্রীয় কাৰিকৰী উদ্যোগ গঢ়ি তুলিব পাৰিলে অঞ্চলটোত অর্থনৈতিক বিপ্লৱৰ সূচনা হোৱাৰ লগতে তেনে উদ্যোগৰ ওপৰত নির্ভৰ কৰি গঢ়ি উঠা আন উদ্যোগসমূহে নিবনুৱা যুৱক–যুৱতীসকলৰ কর্মসংস্থাপনৰ পথ মুকলি কৰিব বুলি উল্লেখ কৰে ৷ বিশেষ আমন্ত্রিত অতিথিৰ আসন শুৱনি কৰা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে বড়োসকলৰ বিভিন্ন সমস্যা ঘাইকৈ এবছুৱে আহ্বান জনোৱা ভূমিৰ খচৰা নীতি, ভাষা নীতি আদি সন্দর্ভত চৰকাৰক অৱগত কৰাৰ আশ্বাস প্রদানৰ উপৰি অসমীয়া–বড়ো সমানে আগবাঢ়িলেহে অসম আৰু বডোলেণ্ডৰ বিকাশ হ’ব বুলি মন্তব্য কৰে ৷ মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাইশ্রাম লাডু সিং, এনডিএফবি(প্র)ৰ সভাপতি গোবিন্দ বসুমতাৰী, সাধাৰণ সম্পাদক এছ ছাঞ্জাৰাং,ৰাজ্যসভাৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ম, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, ৰঞ্জনপন্থী এনডিএফবিৰ সাধাৰণ সম্পাদক বি অঞ্জালু,বড়ো উইমেন জাষ্টিচ ফ’ৰামৰ সভানেত্রী ড০ অঞ্জলি দৈমাৰীসহ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ,সমাজকর্মীয়ে অংশগ্রহণ কৰে ৷ ৰাজ্যখনৰ ত্রিশখন জিলাৰ পৰা অহা কেইবাসহস্ৰাধিক এবছু নেতা–কর্মী, সদস্যৰ উপৰি বিভিন্ন জিলাৰ পৰা অহা কেইবাসহস্র লোকে মুকলি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ উল্লেখ্য যে তিনি দিন ধৰি খাম, ছিফুং, ছেৰজা, জ’থা আৰু বডো জনগোষ্ঠীয় নৃত্য–গীতেৰে মুখৰ হৈ থকা কনকেশ্বৰ নার্জাৰী জাউৰিখাং ফৌথাৰ অধিৱেশন অন্ত পৰাৰ লগে লগে নিজম পৰে ৷