অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বিৰোধিতা সুস্মিতা দেৱৰ
কৰিমগঞ্জত উচতনিমূলক মন্তব্য সুস্মিতা দেৱৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ তীব্ৰ বিৰোধিতা সুস্মিতা দেৱৰ।কৰিমগঞ্জৰ এখন জনসভাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ৬নং দফা কাৰ্যকৰী হ’লে বঙালীসকলে ভাষা, চাকৰি নিৰাপত্তাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব। তীব্ৰ প্ৰৰোচনা মূলক মন্তব্য কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ।
তেওঁ লগতে কয় যে সংশোধিত নাগৰিকত্ব আইনৰ জৰিয়তে কোনো লোকে নাগৰিকত্ব নাপায় কিয়নো বাংলাদেশত নিৰ্যাতিত হোৱাৰ প্ৰমাণ তেওঁলোকে আনি দিব নোৱাৰে। ১৯৭১চনৰ পিছত অহা সকলো বাংলাদেশীক পোনে পোনে ডিটেশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ’ব বুলিও উচতনিমূলক মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
আনহাতে এই মন্তব্যৰ তীব্ৰ বিৰোধিতা আছুৰ। এই সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে এয়া অতি দুৰ্ভাগ্যজনক কথা। যিটো দলে অসম চুক্তিৰ কৰ্তৃত্ব ল’ব যায়, অসম চুক্তিৰ মৰ্মে অসমৰ বিদেশী সমস্যা সমাধান কৰিব লাগে বুলি কয় সেইটো দলেই সাংবিধানিক ৰক্ষাকবচৰ বিষয়টো নস্যাৎ কৰিছে। বঙালী আৰু বাংলাভাষী মুছলমানসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ এই প্ৰৰোচনামূলক মন্তব্য কৰিছে সুস্মিতা দেৱে। এই মন্তব্য উদ্দেশ্য প্ৰণোদিত। কিন্তু এনেধৰণৰ মন্তব্যৰ দ্ৱাৰা অসমৰ ৰাইজক প্ৰৰোচিত কৰিব নোৱাৰে। অসমৰ জনতা ৰাজনৈতিকভাৱে পৰিপক্ক বুলি মন্তব্য কৰে লুৰিণ জ্যোতি গগৈয়ে।