অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত
নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ আজি নতুন দিল্লীত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ চৰকাৰী আৱাসত অনুষ্ঠিত হয় উক্ত বৈঠক। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে কিছু পৰামৰ্শ। ১৬জানুৱাৰীত কেন্দ্ৰৰ পৰামৰ্শক লৈ বিশদ আলোচনা। এপকষেকৰ ভিতৰত কেন্দ্ৰক পূৰ্ণাংগ প্ৰতিবেদন। ৬নং দফা কমিটীৰ সভাপতি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপাত্ৰগোহাঁই, মৃণাল মিৰি আৰু সুভাষ দাস এই বৈঠকত উপস্থিত আছিল।