নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ব্ৰহ্মপুত্ৰ মেইলযোগে অসম পালেহি শ্বাৰ্জিল ইমাম । মঙলবাৰে অসম আৰক্ষীৰ এটা দলে দিল্লীৰ পৰা ব্ৰহ্মপুত্ৰ মেইলযোগে শ্বাৰ্জিল ইমামক লৈ ৰাওনা হৈছিল অসম অভিমুখে । ইতিমধ্যে গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হৈছে শ্বাৰ্জিল ইমাম আৰু অসম আৰক্ষীৰ দলটো । গুৱাহাটীত উপস্থিত হোৱাৰ পাচতেই অসম আৰক্ষীয়ে শ্বাৰ্জিল ইমামক হাজিৰ কৰাব দণ্ডাধীশৰ সমুখত ।
উল্লেখ্য যে, দিল্লীৰ শ্বাহিনবাগত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী এক আন্দোলনত অংশগ্ৰহণ কৰি অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰমূলক ভাষণ প্ৰদান কৰিছিল শ্বাৰ্জিল ইমামে । তাৰ পিছতেই অসম আৰক্ষীয়ে শ্বাৰ্জিলক নিজৰ জিম্মাত ল’বৰ বাবে বাহৰ পাতি আছিল দিল্লীত । প্ৰথম অৱস্থাত দিল্লী আৰক্ষীয়ে শ্বাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখিছিল যদিও মঙলবাৰে অসম আৰক্ষীয়ে ৰে’ল যোগে শ্বাৰ্জিলক লৈ ৰাওনা হৈছিল গুৱাহাটীলৈ ।