অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ : ৫৮০ গৰাকী ছাত্ৰীক ডিগ্ৰী প্ৰদান
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ ২০১৪ চনত যোৰহাটত প্ৰতিষ্ঠা হোৱা অসম মহিলা বিশ্ববিদ্যালয়ৰ আজি প্ৰথম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। মুঠ পোন্ধৰটা বিভাগৰ ৫৮০ গৰাকী ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল তথা বিশ্ববিদ্যালয় খনৰ আচাৰ্য জগদীশ মুখীয়ে অংশগ্ৰহণ কৰি ছাত্ৰী সকলক ডিগ্ৰী প্ৰদান কৰা হয়। পূৰ্বৰ পৰম্পৰাগত গ্ৰাউণ্ড পিন্ধাৰ পৰিবৰ্তে ছাত্ৰী সকলে একে ধৰণৰ চাদৰ মেখেলা পৰিধান কৰে। আদৰণি ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মালিনী গোস্বামীয়ে। অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয় খনৰ বাবে বহুখিনি কৰিব লগীয়া আছে আৰু সেইখিনি চৰকাৰে কৰিব বুলি সাংসদ তাছাই মন্তব্য কৰে। ইফালে প্ৰথম দীক্ষান্ত সমাৰোহত ডিগ্ৰী লাভ কৰা ছাত্ৰী সকলে এই দিনটো স্মৰণীয় হৈ ৰব বুলি উল্লেখ কৰে।