নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাসহ ২২ জনগোষ্ঠীয় সাহিত্য সভাক ৭৫ কোটি

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত মঙলবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি মুঠ ২২টা জনগোষ্ঠীয় সাহিত্য সভাৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ বছৰৰ অন্তিমটো দিনত অনুষ্ঠিত এই বৈঠকত ৰাজ্য চৰকাৰে অসম সাহিত্য সভাক ১০ কোটি, বড়ো সাহিত্য সভাক ৫ কোটি আৰু অন্যান্য জনগোষ্ঠীয় সাহিত্য সভাসমূহক ৩ কোটি টকাকৈ ৭৫ কোটি টকা কর্পাছ ফাণ্ডত এককালীন সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয়৷ এই কর্পাছ ফাণ্ডৰ পৰা অসম সাহিত্য সভাই বছৰি সুত হিচাপত ৮০ লাখ টকা, বড়ো সাহিত্য সভাই বছৰি ৪০ লাখ টকা আৰু অন্যান্য জনগোষ্ঠীয় সাহিত্য সভাসমূহে বছৰি ২৪ লাখ টকাকৈ লাভ কৰিব৷ আনহাতে, অসম চৰকাৰৰ ‘ভাষা গৌৰৱ’ আঁচনিৰ অধীনত বিভিন্ন জাতি–জনগোষ্ঠীৰ সর্বমুঠ ১০০০ গৰাকী নতুন লেখক–লেখিকাক উৎসাহিত কৰাৰ বাবে এককালীন ৫০ হাজাৰ টকাকৈ উদ্গণিমূলক সাহায্য দিয়া হ’ব৷ সাহিত্য সভাসমূহে এই লেখক–লেখিকাসকলক্ নির্বাচিত কৰিব৷

মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহক অধিক আগবঢ়াই নিয়াৰ ক্ষেত্রত এই আঁচনিখনে নতুন প্রজন্মৰ লেখকক উৎসাহিত কৰিব৷ বৈঠকত মুখ্যমন্ত্রীয়ে খিলঞ্জয়া ভাষা আৰু সংস্কৃতি সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্রত গৱেষণামূলক কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

মুখ্যমন্ত্রীয়ে কয় যে এইক্ষেত্রত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায়–সাহযোগিতা আগবঢ়ায়৷ বৈঠকত অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, খিলঞ্জীয়া ট্রাইবেল সাহিত্য সভা, অসম, দেউৰী সাহিত্য সভা, ডিমাছা সাহিত্য সভা, অসম নেপালী সাহিত্য সভা, নিখিল ৰাভা সাহিত্য সভা, কার্বি সাহিত্য সভা, অসম মণিপুৰী সাহিত্য সভা, গাৰো সাহিত্য সভা, মৰাণ সাহিত্য সভা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, কুৰুখ সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, চাওতাল সাহিত্য সভা, মুণ্ডাৰী সাহিত্য সভা, শৰণীয়া কছাৰী সাহিত্য সভাৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে৷ বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া উপস্থিত থাকে৷

You might also like