ড০ গীতালি শইকীয়া
আন দহজন গাঁৱৰ শিশুৰ দৰেই ধূলি–বালিৰে উমলি শৈশৱ অতিক্রম কৰা কিশোৰটিৰ অভ্যন্তৰত লালিত–পালিত হৈছিল এজন কথাশিল্পী হোৱাৰ বাসনা৷ সেয়েহে ৰঙিয়াৰ মুক্তাৰাম কলিতা আৰু লীলাৱতী শইকীয়াৰ সুপুত্র সেই কিশোৰ কুলধৰ শইকীয়াই সমনীয়াৰ সৈতে গঠন কৰিছিল ‘চেমনীয়া সাহিত্য চ’ৰা’৷ আবেলিৰ আজৰি সময়বোৰ তেওঁলোকে পাৰ কৰিছিল গল্প, কবিতা পাঠ কৰি৷ ‘স্বৰগোষ্ঠী’ নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ মাধ্যমেৰে সুন্দৰকৈ নাট্যচর্চাও কৰিছিল পোহৰপিয়াসী এচাম কিশোৰ, যুৱকে৷ সেইসকলৰ অন্যতম কুলধৰ শইকীয়া৷ মেধাৱী ছাত্র কুলধৰ শইকীয়াই ৰঙিয়া হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা, কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক, দিল্লীৰ ৰামজছ কলেজৰ পৰা স্নাতক আৰু দিল্লীৰ স্কুল অৱ ইক’নমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ ঈর্ষণীয় শৈক্ষিক সফলতাৰ পিছত কিছুদিনৰ বাবে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু কলেজত অধ্যাপনা কৰে৷ পৰৱর্তী সময়ত ভাৰতীয় অর্থনীতি সেৱা আৰু ভাৰতীয় ৰে’ল সেৱাত কার্যনির্বাহ কৰাৰ পিছত ১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে আৰু অসমৰ আৰক্ষী সঞ্চালকপ্রধান হিচাপে অৱসৰ গ্রহণ কৰে৷ আমেৰিকাৰ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত ‘ফুল ব্রাইট স্ক’লাৰশ্বিপ’ গ্রহণ কৰি ২০০০ চনৰ পৰা ২০০১ চনলৈ ‘লীডাৰশ্বিপ এণ্ড মেনেজমেণ্ট’ বিষয় অধ্যয়নৰ সুযোগ লাভ কৰে৷ বিশ্ব বেংকতো কিছুদিনৰ বাবে ‘কনছালটেণ্ট’ পদত তেওঁ কার্যনির্বাহ কৰিছিল৷
প্রত্যন্ত জনজাতীয় অঞ্চলৰ আর্থিক বিকাশ, অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি আদি উদ্দেশ্যে তেওঁ গ্রহণ কৰা প্রকল্প ‘প্রজেক্ট প্রহৰী’য়ে যথেষ্ট প্রশংসা লাভ কৰিবলৈ সক্ষম হয়৷ আনকি হার্ভার্ড বিশ্ববিদ্যালয়ত এই প্রকল্পৰ ‘কেছ ষ্টাডী’ও উপলব্ধ৷ ছিংগাপুৰৰ ‘ইনছীড’(INSEAD), আহমেদাবাদ, লক্ষ্ণৌ, ৰাঁচীৰ আই আই এম, দিল্লীৰ আই আই এম চি আদি সম্ভ্রান্ত শৈক্ষিক প্রতিষ্ঠানত ‘ভিজিটিং প্রফেছৰ’ হিচাপে তেওঁ সেৱা আগবঢ়াই আছে৷
এসময়ত সাহিত্য চর্চাক নিচা হিচাপে গ্রহণ কৰা কুলধৰ শইকীয়াই চাকৰি জীৱনৰ অলেখ ব্যস্ততাৰ মাজতো সেই নিচাৰ পৰা নিজকে বিচ্ছিন্ন কৰিব নোৱাৰিলে৷ শব্দৰ মায়াৱী খেলে তেওঁকো আচ্ছন্ন কৰে আৰু ফলত অসমীয়া পাঠকে উপহাৰ পায় তেওঁৰ পৰা ভিন্ন স্বাদৰ চুটি গল্প, উপন্যাস৷ ২২খন চুটি গল্প সংগ্রহ, ইতিমধ্যে প্রকাশ কৰা কুলধৰ শইকীয়াই ‘আকাশৰ ছবি আৰু অন্যান্য গল্প’ নামৰ গল্প সংগ্রহখনৰ বাবে ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰে৷ পেংগুইন প্রকাশনে ড০ কুলধৰ শইকীয়াৰ ‘নির্জন দ্বীপত এদিন’ নামৰ উপন্যাসখন’Wo 24 ghante’ নামেৰে হিন্দী ভাষাত প্রকাশ কৰিছে৷ আনহাতে তেওঁৰ চুটি গল্পৰ এটি সংগ্রহ,’If a River’ নামেৰে শেহতীয়াকৈ প্রকাশ হয়৷ তেওঁৰ ফিক্চন ৰচনাসমূহ উত্তৰ আধুনিক গল্পশৈলীৰ দ্বাৰা প্রভাৱিত হোৱাৰ উপৰি মাজে সময়ে যাদুকৰী বাস্তৱবাদৰ সোৱাদো পাঠকে লাভ কৰে৷ ব্যক্তিৰ আৱেগ–নুভূতি, মানৱীয় সম্পর্কৰ ভিন্ন দৃষ্টিকোণৰ বিশ্লেষণ কুলধৰ শইকীয়াৰ গল্পসমূহত প্রতিফলিত হয়৷ পাঠক আৰু লেখকৰ মাজত সংযোগী সাঁকো নির্মাণ কৰাত সক্ষম ড০ কুলধৰ শইকীয়াৰ সাহিত্যৰাজি৷ ৰোমাণ্টিক প্রেমৰ ব্যতিক্রমী প্রকাশ তেওঁৰ কিছুমান গল্পত দেখা যায়৷ গল্পসমূহৰ বিশ্বজনীন আবেদন পৰিস্ফুট হয়৷ কুলধৰ শইকীয়াই ৰচনা কৰা শতাধিক কবিতাই বিভিন্ন সম্ভ্রান্ত আলোচনীৰ পৃষ্ঠা শুৱনি কৰিছে৷
নাট্যকাৰ হিচাপেও কুল শইকীয়াৰ এক বিশেষ পৰিচয় আছে৷ তেওঁ ৰচনা কৰা ৫খন জনপ্রিয় নাটক দেশৰ বিভিন্ন নাট্য মহোৎসৱত প্রদর্শিত হৈছে৷ তেওঁৰ চুটি গল্পসমূহৰ দৰেই নাটকসমূহৰ বিষয়বস্তুতো ভিন্নতা প্রতিফলিত হয়৷ মানুহৰ আৱেগ–নুভূতি, আশা আৰু সাম্প্রতিক সমাজৰ বাস্তৱ চিত্র তেওঁৰ নাটকত পৰিস্ফুট হয়৷ বিশেষকৈ ‘লালুকসোলা’ নাটকখনত লালুকসোলা বৰফুকন চৰিত্রটোক বুৰঞ্জীৰ পৰা তুলি আনি এক পৃথক দৃষ্টিকোণেৰে বিশ্লেষণ কৰিছে৷ নাটকখনে লালুকসোলাৰ মনোজগত আৰু অদম্য আকাংক্ষাক ন ৰূপত তুলি ধৰাৰ লগতে এজন ব্যক্তিয়ে বহুমাত্রিক কৌশলেৰে জীৱনটোক তুলি ধৰিবলৈ কৰা প্রচেষ্টা আৰু মধ্যযুগৰ শ্রেণীবদ্ধ সমাজে ব্যক্তিৰ সপোনক কেনেদৰে ছাৰখাৰ কৰিলে, সেয়া অতি সুন্দৰকৈ প্রকাশ কৰিছে৷
বহুগুণবিশিষ্ট শইকীয়া এইবাৰ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ সভাপতি নির্বাচিত হৈছে৷ অসমৰ জাতীয় অনুষ্ঠান সাহিত্য সভাক ড০ কুলধৰ শইকীয়াই এক নতুন গতি দিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে প্রতিজন সচেতন অসমীয়াই৷