নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনঃ ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ পদক্ষেপ গ্রহণ

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ মাজত মাত্র ৬৫ দিন বাকী ৷ ইতিমধ্যে অধিৱেশনৰ প্রস্তুতি পূর্ণোদ্যমে চলিছে ৷ আদৰণী সমিতিৰ প্রতিখন উপ–সমিতিয়ে নিজৰ নিজৰ কামত অগ্রসৰ হৈছে ৷ ইতিমধ্যে ৰাজ্যৰ গড়কাপ্টানী বিভাগে শুৱালকুছিৰ পথসমূহত নির্মাণকার্য যুদ্ধগতিত আৰম্ভ কৰিছে ৷ ইপিনে সোমবাৰে শুৱালকুছিত বিদ্যুৎ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ আদৰণী সমিতিৰ কার্যালয়ত বিদ্যুৎ যোগান সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰে ৷ বিদ্যুৎ বিভাগে শুৱালকুছিত কৰিব বিচৰা কামৰ এটি চমু আভাস দাঙি ধৰে ৷ উল্লেখ্য যে আদৰণী সমিতিৰ সভাপতি তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগত হোৱা আলোচনামর্মে বিদ্যুৎ পৰিষদে শুৱালকুছিৰ সকলোবোৰ এল টি তাঁৰ এতিয়াৰ পৰা আঁতৰাই তাৰ পৰিৱর্তে শুৱালকুছিত কেবল তাৰৰ ব্যৱস্থা কৰিব ৷ দুটা ৩৩ কেভি লাইন হ’ব ৷ ইয়াৰে এটা হাজো–শুৱালকুছি আৰু আনটো হ’ব শিশুগ্রাম–শুৱালকুছি ৷ যাতে এটা লাইনৰ ফল্ট হ’লে আনটোৰে ২৪ ঘণ্টাই বিদ্যুৎ যোগান অব্যাহত ৰাখিব পাৰিব ৷ শুৱালকুছি বিদ্যুৎ উপ–সংমণ্ডলৰ গোল্ডেন ফিদাৰ, পানী যোগান ফিদাৰত ‘ব্রেকআপ’ৰ ব্যৱস্থা হ’ব ৷ যাতে বিদ্যুৎ যোগানত বাধা আহি নপৰে ৷ ইয়াৰোপৰি পৰিদর্শন বঙলাত ৬৩ কেভিৰ এটা নতুন ট্রেন্সফর্মাৰ স্থাপন কৰা হ’ব ৷ অস্থায়ীভাৱে শুৱালকুছি বালিচৰৰ জ্যোতিক্ষেত্রত ২৫০ কেভিৰ ৪ টা নতুন ট্রেন্সফর্মাৰ স্থাপন হ’ব ৷ ইতিমধ্যে কেবলৰ কাম আৰম্ভ হৈছে ৷ দলটোৱে শুৱালকুছি জ্যোতি ক্ষেত্র পৰিদর্শন কৰি অধিৱেশনস্থলীত বিদ্যুৎ যোগান সন্দর্ভতো পর্যবেক্ষণ কৰে ৷ য’ত আদৰণী সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া আৰু সদস্যই দলটোক সহযোগিতা আগবঢ়ায় ৷ এটা বিশেষ সূত্র অনুসৰি গড়কাপ্টানী বিভাগে শুৱালকুছিৰ প্রধান প্রধান পথসমূহত ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰি শুৱালকুছিৰ বাট–পথসমূহ নিশাও পোহৰাই তুলিব ৷

You might also like