অৰুণাচলত পুনৰ ক’ৰোনাত আক্রান্ত ২৩ জন
নিয়মীয়া বাৰ্তা, ৩ জুনঃ অৰুণাচল প্রদেশত নতুনকৈ ২৩জন ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ১৬জন চাংলাং জিলাৰ, চাৰিজন ৰাজধানী ইটানগৰৰ, এজনকৈ লোহিত, নামচাই আৰু টাৱাং জিলাৰ লি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনাইছে৷ দেওবাৰলৈকে ৰাজ্যখনত তিনিজনৰ দেহত ক’ৰোনা ভাইৰাছ সক্রিয় হৈ আছিল৷ পূবৰ দৰে নতুনকৈ আক্রান্তকেইজনো হিঃৰাজ্যৰ পৰা অহা৷
ইয়াৰে ১৬জন হাৰিয়ানাৰ পৰা, এজনকৈ দিল্লী আৰু চেন্নাইৰ পৰা ৰাজ্যখনত প্রৱেশ কৰিছিল৷ পাঁচজন ক’ভিড–১৯ আক্রান্ত বুলি বিয়লি মুখ্যমন্ত্রী পেমা খাণ্ডুৱে টুইটাৰযোগে ঘোষণা কৰিছে যদিও ভ্রমণ ত্তান্ত প্রকাশ কৰা নাই৷ আটাইকেইজনকে ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে লি ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জনাইছে৷
উল্লিখিতকেইজনৰ ভিতৰত চাংলাং জিলাৰ এবছৰীয়া এটি শিশুও আছে৷ সম্প্রতি ৰাজ্যখনত ২৬জনৰ দেহত ক’ৰোনা ভাইৰাছ সক্রিয় হৈ আছে৷ সেয়ে ৰাজ্যখনত গ্রীন জ’নৰ বিষয়ে পুনৰীক্ষণ কৰা হ’ বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে৷