নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ যোৱা ৬ মাৰ্চত সদনত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেট ভাষণৰ ওপৰত তিনিদিন ধৰি চলা আলোচনাৰ অন্তত বৃহস্পতিবাৰে উত্তৰ দি কয় যে এইখন বাজেটৰ সফলতাৰ কৃতিত্ব সকলোৰে আৰু বিফলতাৰ দায়িত্ব তেওঁৰ । বিৰোধীয়ে বাজেটখনক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলি কৰা সমালোচনাৰ উত্তৰ দি কয় যে শোষিত–বঞ্চিত চাহ শ্রমিকৰ কল্যাণৰ বাবে গ্রহণ কৰা আঁচনি, বিধৱা পেন্সন, বৃদ্ধ পেন্সন, ছাত্র–ছাত্রীৰ বিনামূলীয়া নামভর্তি, পাঠ্যপুথি যোগান, হোষ্টেল ফীজ, অটল অমৃত অভিযান, সমাজৰ গৰিব–দৰিদ্র লোকৰ কল্যাণৰ বাবে গ্রহণ কৰা অৰুণোদয় আঁচনি, জ্যোতিষ্মান অসম আঁচনি আদিক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলি কোৱাটো সেইসকল লোকৰ প্রতি কৰা অপমান৷ তেনে কথা ক’ব নালাগে৷ চাহ শ্রমিকসকলে তেওঁলোকৰ বেংক একাউণ্টত বছৰি তিনি হাজাৰ টকা লাভ কৰাটো আনন্দৰ কথা৷ দুই লাখ ল’ৰা–ছোৱালীক বিনামূলীয়া নামভর্তি, বিনামূলীয়া পাঠ্যপুথি দিয়া হৈছে৷ নৱম–দশম, একাদশ–দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ ভোট আছে জানো? ভোট নোহোৱা মানুহৰ মাজত বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰিছে৷ এন আৰ এলত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰাটো কোনো হিতাধিকাৰীৰ আঁচনি নহয়৷ জ্যোতিষ্মান অসমৰ অধীনত ৩০ ইউনিটলৈ বিদ্যুৎ ব্যৱহাৰ কৰাসকলক বিদ্যুৎ মাচুল বিনামূলীয়া কৰা হৈছে৷ সেই সুবিধা চেঙা, বাঘবৰ, জনিয়াৰ দৰে সংখ্যালঘু অধ্যুষিত সমষ্টিৰ ৰাইজ আৰু জনজাতি, আদিবাসী ৰাইজ সকলোতেই লাভ কৰিব৷ এয়া কোনো হিতাধিকাৰী সৃষ্টিৰ আঁচনি নহয়, দৰিদ্র নাৰায়ণৰ সেৱাহে৷ অটল অমৃত অভিযান, মুখ্যমন্ত্রী বিনামূলীয়া ৰোগ পৰীক্ষাৰে উপকৃত হোৱা ৰোগীসকল হিতাধিকাৰী নেকি? অৰুণোদয় আঁচনিৰ জৰিয়তে প্রকৃততে চৰকাৰে দৰিদ্র–গৰিব পৰিয়ালক চিকিৎসাৰ বাবে মাহে ৪০০ টকা, চাৰি কিলোগ্রাম দাইল ক্রয়ৰ বাবে ৫০ শতাংশ পুঁজি হিচাপে মাহে ২০০ টকা, চাৰি কিলোগ্রাম চেনি ক্রয়ৰ বাবে ৫০ শতাংশ পুঁজি হিচাপে মাহে ৮০ টকা, ল’ৰা–ছোৱালীৰ পুষ্টিদায়ক ফল–মূল ক্রয়ৰ বাবে মাহে ১৫০ টকা মিলাই মুঠ ৮১৪ টকা দিয়াৰ ব্যৱস্থা কৰিছে৷ পূজাৰ সময়ত কাপোৰ–কানি ক্রয়ৰ বাবে ৫০০ টকা, শিক্ষানুষ্ঠানত নামভর্তি কৰাৰ বতৰত ১,০০০ টকা, ঈদৰ বতৰত ৪০০ টকা, বানপানীৰ সময়ত বাচন–বর্তন ক্রয়ৰ বাবে ২,০০০ টকা আগবঢ়োৱা হ’ব৷ প্রতিমাহে বেছিক হিচাপে ৮১৪ টকা পাব৷ ১২ মাহত অন্যান্য ধনসমূহ তেওঁলোকৰ একাউণ্টত সংযোজিত হৈ থাকিব৷ প্রতিমাহে মুঠ ধনৰ পৰিমাণ ভিন্ন হ’ব৷ অহা এপ্রিল মাহৰ পৰা অক্টোবৰ মাহলৈ সেই সময়ছোৱাৰ ধন একেলগে বেংক একাউণ্টত আদায় দিয়া হ’ব৷ নৱেম্বৰ মাহৰ পৰা প্রতিমাহে একাউণ্টত ৰাইজে সেই ধন লাভ কৰিব৷ এই আঁচনিখনৰ ব্যাখ্যা কৰি ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰৰ ৩৯টা বিভাগে বহু আঁচনি গ্রহণ কৰে৷ এতিয়াৰে পৰা সকলো আঁচনিৰ ধন একাউণ্টযোগে উপভোক্তাসকলে লাভ কৰিব৷ পূর্বতে আঁচনিবোৰৰ ক্ষেত্রত এক ব্যৱসায়ৰ সৃষ্টি হৈছিল৷ আঁচনিৰ অধীনত সামগ্রী যোগানৰ বাবে নিবিদাৰ আহ্বান কৰা হৈছিল৷ তাৰ পাছত বাহিৰৰ পৰা সামগ্রী ঠিকাদাৰে ক্রয় কৰি চৰকাৰক যোগান ধৰে আৰু চৰকাৰে সেইবোৰ বিতৰণ কৰে৷ ইয়াৰ ফলত বজাৰখন বহিঃৰাজ্যলৈ গুচি গৈছিল৷ কিন্তু বর্তমানৰ চৰকাৰে ৰাইজক নিজকে কি সামগ্রী ক্রয় কৰিব, সেই সিদ্ধান্ত গ্রহণৰ কর্তৃত্ব প্রদান কৰি পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত পুঁজি যোগানৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ ফলত সমগ্র বজাৰখন খুচুৰা ব্যৱসায়ী, পাইকাৰী ব্যৱসায়ীৰ মাজত গুচি যাব৷ ফলত অর্থনীতি ৰাজ্যৰ চাৰিসীমাৰ মাজতে সীমাবদ্ধ থাকিব৷ ইয়াৰ ফলত দুখ পালে ঠিকাদাৰেহে পাব৷ ৫৯ লাখ পৰিয়ালক বিনামূলীয়া চাউল যোগানৰ যি আঁচনি গ্রহণ কৰিছে, সেই আঁচনিৰ হিতাধিকাৰীও কংগ্রেছ চৰকাৰৰ দিনতে যুগুতোৱা৷ ভাষণত মন্ত্রী ড০ শর্মাই পূর্বৰ কংগ্রেছ চৰকাৰৰ আঁচনিৰ সমালোচনা কৰি কয় যে কংগ্রেছ চৰকাৰৰ দিনত মেট্রিকত দ্বিতীয় বিভাগত উত্তীর্ণ ছাত্র–ছাত্রীক কম্পিউটাৰ যোগান ধৰা হৈছিল৷ এটা কম্পিউটাৰৰ মূল্য ৭ হাজাৰ টকা৷ কিন্তু বর্তমানৰ চৰকাৰে ছাত্র–ছাত্রীৰ উচ্চতৰ মাধ্যমিক, স্নাতক শ্রেণীত নামভর্তি বিনামূলীয়া কৰা, বিনামূলীয়া পাঠ্যপুথি যোগান, মেচ ডিউজ বিনামূলীয়া কৰাৰ ফলত পাঁচ বছৰত এজন ছাত্র বা ছাত্রীৰ বিপৰীতে চৰকাৰে ব্যয় কৰিছে ১ লাখ ১৫ হাজাৰ টকা৷ কংগ্রেছ চৰকাৰৰ দিনত ১০ হাজাৰ দিব্যাংগই পেন্সন পাইছিল৷ কিন্তু এই চৰকাৰৰ দিনত ১ লাখ ৭০ হাজাৰ দিব্যাংগই এই বছৰ পেন্সন পাইছে৷ যোৱা বছৰটোতে ১৩ লাখ লোকে বৃদ্ধ পেন্সন পালে৷ এক লাখ বিধৱা মহিলাই পেন্সন পালে৷ পূর্বৰ চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগে সামগ্রী ক্রয় কৰাক লৈ এইখন বিধানসভাৰ মজিয়াতে বহু প্রশ্ণ উত্থাপন হৈছিল৷ বজাৰতকৈ অধিক দামত সামগ্রী ক্রয়ৰ অভিযোগ উঠিছিল৷ এতিয়া তেনে প্রশ্ণ উত্থাপন নহয়৷ সদনত তেওঁ অৰবিন্দ কেজৰিৱালৰ নতুন দিল্লীৰ মহলা ক্লিনিকৰ প্রসংগ উত্থাপন কৰি কয় যে তাত ফুটপাথত জাবৰৰ দ’মৰ কাষতে এটা বাকচৰ ভিতৰত চিকিৎসক ৰৈ থাকে৷ তাৰ বিপৰীতে অসমৰ গুৱাহাটীৰ পাণ্ডু, ধীৰেনপাৰাৰ এফ আৰ ইউ–পি এইচ ই বহু উন্নত৷ কেজৰিৱালে দিল্লীত ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিহে জাতিষ্কাৰ হৈছে৷ মহলা ক্লিনিকৰ বাবে কেজৰিৱালে বিজ্ঞাপনৰ নামত ৭০০ কোটি টকা খৰচ কৰে৷ তেওঁ অসমত ডিফুত মেডিকেল কলেজ স্থাপন কৰাৰ দৰে পাহাৰীয়া জিলাত মেডিকেল কলেজ স্থাপন কৰি দেখুৱাওকচোন? সদনত ড০ শর্মাই আৰু কয় যে এই বছৰ চৰকাৰে বাজেটত ৮০ হাজাৰ কোটি টকা খৰচ কৰিব৷ কংগ্রেছৰ দিনত বাজেটৰ খৰচ হৈছে ৩৬ হাজাৰ কোটি টকা৷ ৰাজ্যখনত কৰ সংগ্রহৰ বিকাশ এতিয়া ৩৬ শতাংশলৈ বৃদ্ধি হৈছে৷ কংগ্রেছৰ দিনত এই বিকাশ আছিল ১ শতাংশ৷ ১ শতাংশ কৰ সংগ্রহৰ বিকাশত ছিণ্ডিকেট হ’ব নে ৩৬ শতাংশ বিকাশত ছিণ্ডিকেট হ’ব বুলিও তেওঁ প্রশ্ণ কৰে৷ অসমৰ অর্থনীতি বর্তমান ইতিবাচক দিশত গৈ আছে৷ অর্থনৈতিক বিকাশৰ পৰীক্ষাত কংগ্রেছতকৈ তেওঁ বেছি নম্বৰ পোৱাৰ কথা উল্লেখ কৰি কয় যে যোৱা চাৰি বছৰে ৮০ শতাংশ ব্যয় তেওঁ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, বাজেটৰ সমালোচনা কৰিবলৈ গৈ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে নামঘৰৰ সৈতে স্কুলৰ তুলনা কৰা কার্যৰ তীব্র সমালোচনা কৰি তেওঁ কয় যে গগৈয়ে নামঘৰত টকা দিয়াৰ বিষয়ে ক’বলৈ গৈ স্কুলত দিয়াৰ কথা কৈছে৷ নামঘৰৰ সৈতে স্কুলৰ তুলনা কৰাৰ প্রয়োজন নাই৷ নামঘৰ পৃথক, স্কুল পৃথক৷ চৰকাৰে বাজেটত স্কুলৰ বাবে এহেজাৰ কোটি টকা ধার্য কৰিছে৷ নামঘৰৰ বাবে ১৬০ কোটি টকা ধার্য কৰিছে ৷