নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আইনা জীৱনৰ’ৰ ৬–৯ এপ্রিলত অসম ভিত্তিত নাট প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সৌজন্যত তথা জনপ্রিয় মাহেকীয়া আলোচনী ‘আইনা জীৱনৰ’ৰ উদ্যোগত অহা এপ্রিলত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত একাংক নাট প্রতিযোগিতা– ‘ৰংগমঞ্চ–২০২০’ ৷ প্রথমটো ছিজনত ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৮০টাৰো অধিক নাট্য দলে যোগদান কৰাৰ লগতে অসমৰ অপেছাদাৰী নাট্য জগতত এই প্রতিযোগিতাই এক আলোড়ন সৃষ্টি কৰাৰ পিছত এইবাৰ দ্বিতীয়টো ছিজনৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ কৰি তোলা হৈছে ৷ এইবাৰ গুৱাহাটীতেই অনুষ্ঠিত হ’ব প্রাৰম্ভিক ৰাউণ্ডৰ প্রতিযোগিতাৰ লগতে চূড়ান্ত প্রতিযোগিতা ৷

অহা ৬ এপ্রিলৰ পৰা ৯ এপ্রিললৈ গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত হ’ব এই প্রতিযোগিতা ৷ প্রাৰম্ভিক প্রতিযোগিতা অনুষ্ঠিত হ’ব ৬ এপ্রিলৰ পৰা ৮ এপ্রিললৈ ৷ আনহাতে, প্রাৰম্ভিক প্রতিযোগিতাৰ পৰা চূড়ান্ত পর্যায়লৈ বিচাৰকে নির্বাচিত কৰা মুঠ ৬টা নাট্য দলক লৈ চূড়ান্ত প্রতিযোগিতা অনুষ্ঠিত হ’ব ৯ এপ্রিলত ৷ নাট্য দলসমূহে ২০ মার্চৰ ভিতৰত অনলাইনযোগে অথবা পোনপটীয়াকৈ যোগদান কৰিব লাগিব ৷ যোগদানৰ অৱশ্যে কোনো মাচুল নাই ৷ যোগদানৰ সময়ত এটা পৃষ্ঠাত চমুকৈ নাটকৰ সাৰাংশ আৰু একোটাকৈ পাণ্ডুলিপি জমা দিব লাগিব ৷ প্রতিযোগিতাত যোগদান কৰিবলৈ ইচ্ছুক নাট্য দলসমূহে অনলাইনযোগে www.aainajibonor.com ৱেবছাইটৰ পৰা প্র–পত্র তথা নিয়মাৱলী সংগ্রহ কৰিব পাৰিব ৷

আনহাতে, পোনপটীয়াকৈ যোগাযোগৰ ঠিকনা হৈছে– ‘ৰংগমঞ্চ, নিউজ লাইভ বিল্ডিং, দ্বিতীয় মহলা, খ্রীষ্টানবস্তি, শ্রীমন্ত শংকৰদেৱ পথ, গুৱাহাটী–৫ ৷’ যোগাযোগৰ নম্বৰ হৈছে– ৬৯০০১–০০১৪০ ৷ ‘ৰংগমঞ্চ–২০২০’ প্রতিযোগিতাত প্রথম তিনিটা শ্রেষ্ঠ নাট্য দলক প্রদান কৰা হ’ব ক্রমে ২ লাখ, ১.৫ লাখ আৰু ১ লাখ টকাৰ নগদ ধন ৷ তদুপৰি অন্যান্য ব্যক্তিগত শিতানসমূহতো বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব ৷ পুৰস্কাৰপ্রাপ্তসকলৰ উপৰি বিচাৰকে নির্বাচন কৰা প্রতিভাৱান শিল্পীসকলক ‘ৰং’ চেনেলৰ বিভিন্ন ধাৰাবাহিকতো অভিনয় কৰাৰ সুযোগ প্রদান কৰা হ’ব ৷ আনহাতে, চূড়ান্ত প্রতিযোগিতালৈ নির্বাচিত হোৱা ৬টা দলৰ যি তিনিটা দলে প্রথম তিনিটা স্থান লাভ কৰিবলৈ সক্ষম নহয় তেওঁলোককো নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব ৷ ইচ্ছুক দলসমূহে অহা ১০ মার্চৰ পৰা নিউজ লাইভৰ ব্যুৰ’ অফিচসমূহৰ পৰাও প্র–পত্র সংগ্রহ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে ৷

You might also like