আছুৰ মানসিকতা গৱেষণা কৰিবলগীয়া বিষয়: ড০ শর্মা
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ক’ৰোনা মহামাৰীয়ে সমগ্র ৰাজ্যতে সৃষ্টি কৰা ভয়াৱহ পৰিৱেশত সর্বসাধাৰণ লোক সন্ত্রস্ত হৈ আছে৷ দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈও জটিলতাৰ সন্মুখীন হৈছে স্বাস্থ্য বিভাগ৷ এনে সময়তে ক’ৰোনাক এক নাটক বুলি মন্তব্য কৰি বিতর্ক সৃষ্টি কৰিছে সদৌ অসম ছাত্র সন্থাই (আছু)৷ কালি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ক’ৰোনাক লৈ এক নাটক চলা বুলি মন্তব্য কৰাৰ পাছত পুনৰ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বাবেই একাংশ সাংবাদিক আৰু চৰকাৰী বিষয়া ক’ৰোনাত আক্রান্ত হোৱা বুলি অভিযোগ তোলে৷ আছুৰ সাধাৰণ সম্পাদকজনে এইবুলি অভিযোগ তোলে যে মণিপুৰ, গুৱাহাটী হৈ দিল্লীলৈ যোৱা মন্ত্রী হিমন্ত বিশ্ব শর্মাই কিয় ছোৱাব পৰীক্ষা কৰা নাই৷
কোৱাৰেণ্টাইন কিয় হোৱা নাই৷ আছুৰ এনে কটাক্ষৰ বিপৰীতে স্বাস্থ্যমন্ত্রী ড০ শর্মাই তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়– আছুৰ বক্তব্য বুজাত কষ্ট হয়৷ কালি আছুৱে কৈছে ক’ৰোনাক লৈ নাটক চলিছে৷ তেওঁলোকৰ মতে ক’ভিড পজিটিভ নাই৷ যদি পজিটিভ নাই, তেনেহ’লে কোনো লোক আক্রান্ত নহ’ব৷ গতিকে লুৰিণজ্যোতি গগৈ আহিলে এবাৰ সাবটি চাবৰ মন আছে৷ আই চি ইউলৈ গ’লে ৰোগীসকলেও তেওঁক সাবটি ধৰি চুমা খাব পাৰে৷ তেতিয়া গম পাব ক’ভিড আছে নে নাই৷ এফালে আছুৱে কয় ক’ভিড মিছা, আনফালে সংক্রমণ হোৱা বুলিও কয়৷ প্রথমতে তেওঁলোকে কোন দিশত ৰাজনৈতিক আক্রমণ কৰিব, এয়া ঠিক কৰি লওক৷ ক’ভিডৰ পাছত মই যি ক’ব লাগে ক’ম৷ এনেধৰণৰ কথা–বতৰাই স্বাস্থ্যকর্মীসকলৰ মনোবল হ্রাস কৰে৷ যদি এতিয়া এই বিষয়বোৰক লৈ নেতিবাচক চিন্তা–চর্চা কৰে, তেনেহ’লে তেওঁলোকৰ মানসিকতা গৱেষণা কৰিবলগীয়া বিষয় হ’ব৷ সাধাৰণ লোকৰ মানসিকতা নহয়৷
মন কৰিবলগীয়া যে চাবুৱাত আছুৰ সাংগঠনিক শ্বহীদ যাদৱ সেনাপতি, দীপক শর্মা, ৰুবু শইকীয়া আৰু অনুপ প্রতিম শইকীয়াৰ স্মৃতিত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ এই অনুষ্ঠানত উপস্থিত থাকি সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে স্বাস্থ্যমন্ত্রী ড০ শর্মাক উদ্দেশ্যি যথেষ্ট সৰৱ হৈ পৰে৷ আছুৰ সম্পাদক গগৈয়ে কয়– ক’ৰোনা ভাইৰাছৰ নামত স্বাস্থ্যমন্ত্রীয়ে এক নং জার্ছী পিন্ধাৰ নাটক কৰিছে৷ ক’ভিড–১৯ৰ কোনো প্রট’কলত উল্লেখ নাই যে পি পি ই কিট নিপিন্ধাকৈ ৰোগীৰ ওচৰলৈ যাব পাৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ছোৱাব টেষ্ট কৰি সংবাদ মেল সম্বোধন কৰিলে, তাৰ পাছতো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহ’ল৷ সামাজিক ব্যৱধান বর্তাই ৰাখিবলৈ কোৱা চৰকাৰখনৰ দলটোৱে জনসম্পর্কৰ নামত ঘৰে ঘৰে গৈছে৷ গতিকে এই খেলপথাৰখনত কোনে ১নং জার্ছী পিন্ধি খেল খেলি আছে, কোনে ফাউল খেলি আছে ৰাইজে দেখি আছে৷