নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু আৰু নেছ’ক ‘কেব’ বিৰোধিতাৰ প্ৰতিশ্ৰুতি তৃণমূল কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ’) আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলক তৃণমূল কংগ্ৰেছ দলে মঙলবাৰে পুনৰ অতি স্পষ্টভাৱে কয় যে দলে কেবৰ দৃঢ়তাৰে বিৰোধিতা কৰিছিল আৰু দৃঢ়তাৰে বিৰোধিতা কৰি যাব । মঙলবাৰে নতুন দিল্লীত পুৱা তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা লোকসভাৰ সাংসদ সৌগত ৰয়ৰ সৈতে নেছৰ অধ্যক্ষ ছেমুৱেল জেৰৱা, নেছ- আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, খাছি ছাত্ৰ সন্থাৰ সভাপতি লম্বাক মাৰাক সমন্বিতে প্ৰতিনিধিৰ দলে আলোচনাত মিলিত হোৱাৰ সময়ত তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে । পূৰ্বেও কেবৰ বিৰোধিতা কৰা তৃণমূলে এতিয়াও সংসদৰ বাহিৰে-ভিতৰে বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰে সৌগত ৰয়ে ।

You might also like