নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ সৈতে মোৰ প্ৰেম হৈছেঃ তৰুণ গগৈ

'মই লুকাই লুকাই প্ৰেম নকৰো, মুকলিকৈ কৰো'

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া। ৰাজ্যসভাৰ নিৰ্বাচনক লৈ আজমলৰ সৈতে মোৰ কথা হৈছে। মোৰ প্ৰস্তাৱত আজমলে সমৰ্থন জনাইছে। আজমলৰ প্ৰতি থকা পূৰ্বৰ ধাৰণা মোৰ সলনি হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ লগতে কয় যে মই লুকাই চুৰকৈ একো নকৰো। আজমলৰ সৈতে মোৰ প্ৰেম হৈছে, লুকাই লুকাই প্ৰেম নকৰো, মুকলিকৈ কৰো। ২০২১ৰ নিৰ্বাচনলৈ এই মিত্ৰতা অব্যাহত থাকিব। CAA বিৰোধী তথা ধৰ্ম নিৰপেক্ষ ব্যক্তিকহে প্ৰাৰ্থিত্ব দিয়া হ’ব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে তৰুণ গগৈয়ে।

                কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা সন্দৰ্ভত তৰুণ গগৈক কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিত্ৰতা আৰু ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে CAA বিৰোধী আন্দোলন ৰাজ্যসভাৰ টিকটৰ বাবেই হৈছিল নেকি? ৰাজ্যসভাৰ টিকট লাগিলে CAA বিৰোধী আন্দোলন কৰক বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। কংগ্ৰেছ আৰু AIUDFৰ পৰা ৰাজ্যসভাৰ টিকটটো ল’বৰ বাবেই যেন এই লোকসকলে CAA বিৰোধী আন্দোলন কৰিছিল তেনেকুৱা এটা ধাৰণা স্পষ্ট হৈছে। যদি এনেকুৱা নহয়, তেওঁলোকে যাতে AIUDFৰ পৰা টিকট নলয়।

          কংগ্ৰেছ আৰু AIUDFৰ আৰ্শীবাদপুষ্ট হৈ বিজেপিক ৰাজনৈতিকভাৱে দুৰ্বল কৰি ৰাজ্যসভাৰ টিকট লোৱাৰ বাবেই CAA আন্দোলন হৈছিল আৰু সেই কথা আজি স্পষ্ট হ’ল বুলিও মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like