নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমল–শ্বার্জিলৰ ফটো অসম আৰক্ষীৰ হাতত

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রদ্রোহৰ গোচৰত গ্রেপ্তাৰ হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জে এন ইউ) গৱেষক ছাত্র শ্বার্জিল ইমামৰ অসমৰ সৈতে পূর্বৰে পৰা সম্পর্ক আছিল৷ দেশ বিভাজনৰ প্রৰোচনামূলক মন্তব্য কৰি দেশৰ অখণ্ডতাৰ প্রতি ভাবুকি সৃষ্টি কৰা শ্বার্জিল ইমাম চাৰি বছৰ পূর্বে গুৱাহাটীলৈ আহিছিল৷ অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, শ্বার্জিলে ২০১৬ চনত গুৱাহাটীলৈ আহি খ্রীষ্টানবস্তিত এজন বন্ধুৰ ঘৰত চাৰি দিন কটাইছিল৷ ইয়াৰ পাছত তেওঁ সেই বন্ধুজনৰ ঘৰৰ পৰা পোনে পোনে শ্বিলঙলৈ গৈছিল৷ শ্বিলঙত তেওঁ এদিন আছিল৷ মহানগৰীৰ পাণবজাৰস্থিত ক্রাইম ব্রাঞ্চৰ কার্যালয়ত অসম আৰক্ষীৰ বিভিন্ন শাখাৰ বিষয়াৰ মাৰাথন জেৰাত শ্বার্জিলৰ অচিনাক্ত সন্দেহজনক ব্যক্তিৰ সৈতে যোগাযোগ থকাৰ তথ্য লাভ কৰিছে৷ এইজন জে এন ইউৰ ছাত্রই অসমৰ মুছলমানসকলৰ প্রসংগত দিল্লীত অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল, কেইবাজনো বিধায়ক আৰু অধিবক্তাৰ সৈতে এক গোপন বৈঠকত মিলিত হোৱাৰ কথা ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ এই বৈঠকত সাংসদ আজমলৰ সৈতে শ্বার্জিলে উঠা ফটোও লাভ কৰিছে আৰক্ষীয়ে৷

সূত্রটোৱে জনোৱা মতে, শ্বার্জিলৰ বহু মানুহৰ লগত চিনাকি আছিল৷ বহু সন্দেহজনক ব্যক্তিৰ সৈতে ম’বাইল ফোনত সঘনাই যোগাযোগ কৰিছিল৷ বহু লোকৰ সৈতে ম’বাইল ফোনত কেতবোৰ বিষয়ত সন্দেহজনক কথা–বতৰা পতা সন্দর্ভত সোধা–পোছা কৰাত শ্বার্জিলে সেই কণ্ঠস্বৰ তেওঁৰ নহয় বুলি দাবী কৰিছে৷ এনে কাৰণতে আৰক্ষীয়ে শ্বার্জিলৰ কণ্ঠস্বৰৰ নমুনা পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেয়ে আৰক্ষীয়ে কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শ্বার্জিলৰ কণ্ঠস্বৰৰ নমুনা পৰীক্ষা কৰাৰ বাবে অনুমতি বিচাৰি আবেদন জনায়৷ আদালতে আৰক্ষীৰ আবেদনত অনুমতি জনাইছে৷ কণ্ঠস্বৰৰ নমুনা পৰীক্ষা এজন কার্যবাহী দণ্ডাধীশৰ উপস্থিতিত কৰিবলৈ দিয়াৰ লগতে কণ্ঠস্বৰৰ নমুনা পৰীক্ষা কৰাৰ সমগ্র ঘটনা ভিডিঅ’গ্রাফী কৰিবলৈ নির্দেশ দিয়ে৷

You might also like