নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও অৱহেলিত তেজপুৰৰ শ্ৰীশ্ৰীব্ৰহ্মচাৰী সত্ৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ চাৰিশ বছৰ পুৰণি সাঁচিপাতৰ পুথি আৰু প্ৰাচীন শৈল ভাস্কৰ্যৰে সমৃদ্ধ তেজপুৰৰ এখনি ঐতিহ্যপূৰ্ণ সত্ৰ । ১৮৬০ খৃষ্টাব্দৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি অহা এই সত্ৰখন আজিও অৱহেলিত । উপযুক্ত সংৰক্ষণৰ অভাৱত এতিয়া উৱলি গৈছে সাঁচিপাতৰ পুথিসমূহ । শিলৰ খুঁটাবোৰ আৰু তুলসী গছৰ খুঁটাত থিয় হৈ থকা মণিকূট আৰু নামঘৰ মেৰামতি কৰিবলৈও এতিয়া অৰ্থৰ অভাৱ ব্ৰহ্মাচাৰী সত্ৰত । আজিলৈকে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ নকৰা ঐতিহ্যমণ্ডিত এইখন সত্ৰত এইদৰেই এতিয়া যেন জহি-খহি গৈছে । স্থানীয় ৰাইজৰ দান-বৰঙণিৰে পৰিচালিত হৈ থকা সত্ৰখন পুনৰ ঠন ধৰি উঠাৰ বাবে কিন্তু পৰ্যাপ্ত নহয় এই দান-বৰঙণি ।

উল্লেখ্য যে, স্থানীয় ৰাইজে চৰকাৰক এই সত্ৰখন উদ্ধাৰৰ বাবে আবেদন কৰাৰ লগতে সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণ আৰু পাঠোদ্ধাৰ নকৰিলে বহু ইতিহাস হেৰাই যাব বুলি শংকিত হৈ পৰিছে । চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম দৰ্শন আঁচনিৰ অধীনত শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰখনক উদ্ধাৰ কৰাৰ বাবে এতিয়া চৰকাৰলৈ আহ্বান জনাইছে এইসকল লোকে ।

You might also like