নিয়মীয়া বাৰ্তা, ২ মার্চঃ আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ অহা ৩০ মার্চলৈ চলিবলগীয়া এই অধিৱেশনৰ মুঠ কর্মদিন হৈছে ১৪ দিন ৷ আনহাতে, অহা ৬ মার্চৰ বিয়লি ৩ বজাত সদনত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২০–২১ বিত্তীয় বর্ষৰ বাজেট উত্থাপন কৰিব ৷ বাজেট উত্থাপনৰ পাছত অহা ৭, ১০ আৰু ১১ মার্চত বাজেটৰ ওপৰত সাধাৰণ আলোচনা চলিব ৷ এইবাৰৰ বাজেট অধিৱেশনত চৰকাৰে দুখন সংশোধনী বিধেয়ক উত্থাপনৰ বাবে বিধানসভা কর্তৃপক্ষক জাননী দিছে ৷ বিধানসভাৰ প্রধান সচিব এম কে ডেকাই জানিবলৈ দিয়া মতে, এতিয়ালৈ লাভ কৰা জাননী অনুসৰি বিধেয়ক দুখন হৈছে ন্যায়িক বিভাগৰ ‘দ্য ক’ৰ্ট ফী (এমেণ্ডমেণ্ট) বিল ২০২০’ আৰু গুৱাহাটী উন্নয়ন বিভাগৰ ‘দ্য জি এম চি (এমেণ্ডমেণ্ট) বিল ২০২০’৷ ইপিনে ‘কা’ৰ বিৰোধিতা, এন আৰ চি উন্নীতকৰণ প্রক্রিয়া ক্ষিপ্রতৰ কৰা, নগাঁও–কাছাৰ কাগজ কল পুনৰ উৎপাদনক্ষম কৰা, নিবনুৱাক সংস্থাপন, দুর্নীতি, আইন–শৃংখলা, সংস্কৃত টোল–মাদ্রাছা বন্ধৰ সিদ্ধান্ত আদি ইছ্যুক লৈ বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফে সদন উত্তাল কৰাৰ কৌশল ৰচনা কৰিছে৷ বিৰোধী শিবিৰে প্রায় প্রতিদিনে সদনত শাসক পক্ষক বিভিন্ন ইছ্যুৰে ব্যতিব্যস্ত কৰাৰ ৰণকৌশল যুগুতাইছে৷ এই সম্পর্কত আজি সন্ধিয়াৰ ভাগত বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফে নিজাববীয়াকৈ বিধায়িনী বৈঠক অনুষ্ঠিত কৰি কার্যপন্থা নিৰূপণ কৰে৷ দুয়োটা বিধায়িনী দলে উমৈহতীয়া ইছ্যুসমূহৰ ক্ষেত্রত সদনৰ মজিয়াত একেলগে সৰৱ হোৱাৰ সিদ্ধন্ত গ্রহণ কৰিছে৷ ইয়াৰ বিপৰীতে বিজেপি মিত্রজোঁটে বিৰোধীক সদনৰ মজিয়াত প্রতিহত কৰাৰ বাবে ৰণকৌশল যুগুতাইছে ৷ ইপিনে বিধানসভাৰ এইবাৰৰ বাজেট অধিৱেশনত মিত্রদল অগপ বিধায়ক পবিন্দ্র ডেকাই ‘কা’ৰ বিৰোধিতা কৰি এক বেচৰকাৰী প্রস্তাৱ উত্থাপন কৰাৰ বাবে ইতিমধ্যে বিধানসভা কর্তৃপক্ষৰ ওচৰত আবেদন দাখিল কৰিছে ৷ বিধানসভাৰ অধ্যক্ষলৈ বিষয়টো উত্থাপনৰ বাবে অনুমতি দিয়ে নে নাই, সেয়া সময়তহে ক’ব পৰা যাব ৷