নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ জাতি–ধর্ম–বর্ণ–ভাষা নির্বিশেষে একপ্রকাৰ মিলনভূমিলৈ পর্যবসিত হ’ল শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনথলী৷ বোকাখাতৰ দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’ব লগা সংঘৰ অধিৱেশন আৰম্ভ হোৱাৰ প্রাকক্ষণৰ পৰাই দেখা গৈছে জাতি–উপজাতিৰ সমন্বয়ৰ সেতু৷

আজিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হ’ব লগা সংঘৰ বার্ষিক অধিৱেশনস্থলীত উখল–মাখল পৰিৱেশে বিৰাজ কৰিছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা ভকত–বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে জিলাখনৰ শংকৰদেৱ সংঘৰ আঞ্চলিকৰ বাপ, আইসকল উপস্থিত হৈছে৷ বিয়লিৰ পৰা শংকৰী কলা–সংস্কৃতিৰে জীপাল হৈ উঠা সমন্বয় বাকৰিত ১০ সহস্রাধিক সেৱক–সেৱিকাই বাহৰ পাতিছে৷

উত্তৰ–পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনলৈ আজি পুৱাৰ পৰাই শ শ ভকত–বৈষ্ণৱৰ লানি নিছিগা সোঁত ব’বলৈ ধৰিছে ৷ অধিৱেশনলৈ আহিব লগা ৩০ লক্ষাধিক ভকত–বৈষ্ণৱ, দেশী–বিদেশী পর্যটকক আদৰিবলৈ সেৱা বাহিনীৰ ১০ হাজাৰ লোকৰ উপৰি ৫ সহস্রাধিক স্বেচ্ছাসেৱক–সেৱিকা সাজু হৈছে৷ ১৮ বিঘা আগুৰি থকা বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রত অনুষ্ঠিত সংঘৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ সকলো দল–সংগঠন, পুলিচ–প্রশাসন, অগ্ণিনির্বাপক বাহিনী, চৰকাৰী সকলো বিভাগ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে৷ যুদ্ধকালীন তৎপৰতা দেখা গৈছে আদৰণী সমিতিৰ লগতে উপ–সমিতিসমূহৰ মাজত৷ সকলো নির্মাণ কার্য, আন্তঃগাঁথনি সুন্দৰভাৱে সম্পন্ন কৰাৰ সমান্তৰালকৈ বিভিন্ন আলোকসজ্জাৰে সজাই তুলিছে অধিৱেশনস্থলী৷

You might also like