নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ উদ্যান শস্য, হস্তশিল্প আৰু হস্ততাঁত কেন্দ্রৰ প্রচাৰ আৰু প্রসাৰৰ লক্ষ্যৰে কাইলৈৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্রীয় সন্মিলন আৰু বাণিজ্য মেলা ‘ষ্টার্ট আপ নর্থ ইষ্ট’৷ গুৱাহাটীস্থ মণিৰাম দেৱান ট্রেড চেণ্টাৰত আজিৰে পৰা এই বাণিজ্য মেলা অনুষ্ঠিত হ’ব৷ বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদ মেলত এই কথা সদৰী কৰে বাণিজ্য মেলাখনৰ অধ্যক্ষ তথা প্রাক্তন সাংসদ ভুবনেশ্বৰ কলিতাই৷ তেওঁ প্রকাশ কৰা অনুসৰি বিশ্বৰ বিভিন্ন প্রান্তৰ প্রায় ৩০খন দেশৰ প্রতিনিধিয়ে এই বাণিজ্য মেলাত অংশগ্রহণ কৰিব৷ ইপিনে, সংবাদ মেলত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রালয়ৰ সহঃ সচিব ডি এছ ৰাৱাটে কয় যে নতুন প্রজন্মক ‘ষ্টার্ট আপ’ কার্যসূচীৰ অধীনত নিয়োজনৰ পথ প্রদর্শন কৰাটোৱেই এই মেলাখনৰ মূল লক্ষ্য৷ অংশগ্রহণকাৰী দেশসমূহে বিভিন্ন ক্ষেত্রত সহযোগিতা আগবঢ়াব৷ তদুপৰি দেশৰ সীমান্তৱর্তী এলেকাত ৩৮খন ‘সীমান্ত বজাৰ’ মুকলিৰ বাবে কেন্দ্রই সিদ্ধান্ত গ্রহণ কৰিছে বুলি উল্লেখ কৰে ৰাৱাটে৷
Next Post
You might also like