আজিৰ দিনটোৰ ৰাশিফল
মেষ: উন্নত পৰিৱেশ৷ মানসিক দিশতো অনুকূল দেখা যায়৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা৷ কোনো সম্পদ বা সন্মানৰ গৰাকীও হ’ব পাৰে৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
বৃষ: প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক৷ জ্ঞাতি–কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক৷ শৰীৰ মধ্যম৷ বিদ্যাত যত্ন ৰাখক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷
মিথুন: আজিও খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানে চলাটো উচিত হ’ব৷ বাধ্যবাধকতা হ’লেও ভাবি–চিন্তি নিজৰ কাম কৰক৷ ব্যৱসায়ত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কর্কট: এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব৷ পাৰিবাৰিক উন্নত৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ বন্ধুবর্গৰ সহায়–সহযোগ দেখা যায়৷ পঢ়া–শুনাত মধ্যম৷ দাম্পত্যত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
সিংহ: বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে দুপৰীয়াৰ পৰা৷ বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ প্রেমত গতানুগতিক৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
কন্যা: শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব৷ তাতে একো মন্তব্য নিদিব৷ সমগ্র দিনটো আপোনাৰ উৎসাহজনক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷
তুলা: আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ এইক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদিও অশান্তি হ’ব৷ বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক৷ ঘৰুৱা ভালেই৷ শিল্পীৰ উৎসাহ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
বৃশ্চিক: খৰচ–পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব৷ অন্যান্য কিছুৱে সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ পঢ়াত মন ৰাখক৷ দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷
ধনু: ক্রমে দিনটো কিছু আশাপ্রদ৷ অৱশ্যে নিশ্চিন্তও নহয়৷ খুব ফৰকাল লাগি নাথাকিব৷ বিদ্যাত মনোযোগ বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
মকৰ: কর্মক্ষেত্রত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ সৰু সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্রভাৱ পেলাব পাৰে৷ দাম্পত্যত মধ্যম সময়৷ শুভ ৰং আকাশী, শুভ সংখ্যা ১৷
কুম্ভ: অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়৷ শৰীৰ, মন আৰু পৰিৱেশ দিনৰ বাৰ বজালৈ আশা পূর্ণ নহ’ব পাৰে৷ কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পিছত অনুকূল৷ প্রেমত মধ্যম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
মীন: অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ সু–সংবাদত আনন্দিত হ’ব পাৰে৷ দাম্পত্যত বেয়া নহ’ব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷