নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ মঙলৰ শুভ প্রভাৱত ধন আৰু সম্পত্তি লাভৰ যোগ দেখা যায়৷ দিনটোত কিবা কাৰণত মানসিক দুখ পাব পাৰে৷ প্রেম–প্রণয়ত সাফল্য আহিব৷ দিনটোত শাৰীৰিক দুর্বলতা দেখা দিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷
বৃষ ঃ পাৰিবাৰিক সুখ আৰু সমৃদ্ধি বজাই থাকিব৷ কিবা কাৰণতে অর্থ ক্ষতিৰ সম্ভাৱনা দেখা যায়৷ সম্পদ প্রাপ্তিৰ যোগ আছে৷ পুত্র–কন্যাৰ উন্নতিৰ যোগ৷ শাৰীৰিক কষ্ট ভোগ কৰিব পাৰে৷ বিদ্যার্থীৰ মধ্যম ফলদায়ক৷
মিথুন ঃ বুধৰ শুভ প্রভাৱত কর্মত সুখ্যাতি লাভৰ যোগ৷ হিংস্র জীৱ–জন্তুৰ পৰা সতর্কতা অৱলম্বন কৰিব৷ সামাজিক ক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ অযথা অর্থ ব্যয় হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰে৷ বিদ্যার্থীৰ শুভ৷
কর্কট ঃ পিতৃ–মাতৃৰ কাৰণে চিন্তা থাকিব৷ কোনোবাই মিছা অপবাদ উঠাব পাৰে৷ যান–বাহন লাভৰ যোগ দেখা যায়৷ দিনটোত কিবা কাৰণত হতাশাত ভুগিব পাৰে৷ শুভ সংবাদ প্রাপ্তিৰ ফলত মন আনন্দিত হ’ব৷ পৰীক্ষার্থীৰ শুভ ফলদায়ক হ’ব৷
সিংহ ঃ অশুভ ৰাহুৰ কাৰণে ন্যায্য ধন প্রাপ্তিৰ ক্ষেত্রত বাধা থাকিব৷ চোৰৰ পৰা সতর্ক থাকিব৷ ভ্রাতৃৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত উন্নতিৰ যোগ আছে৷ যদিও ৰাহুৰ বাধা থাকিব৷ বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধি পাব৷
কন্যা ঃ বুধৰ প্রভাৱত ব্যৱসায়–বাণিজ্য আৰু আর্থিক ক্ষেত্রত কিছু হ’লেও পৰিৱর্তন আহিব৷ ঘৰত প্রিয়জনৰ আগমনৰ ফলত মানসিক আনন্দ লাভ৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ চাকৰিয়ালসকলে কর্তব্য পালনৰ ক্ষেত্রত সতর্ক থাকিব৷
তুলা ঃ সন্তানাদিৰ কাৰণে পিতৃ–মাতৃৰ চিন্তা থাকিব৷ দিনটো বিশেষ শুভ বুলি ক’ব নোৱাৰি৷ গতিকে, সাৱধানত চলা–ফুৰা কৰিব৷ পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব৷ উচ্চ বিদ্যা লাভৰ উদ্দেশ্যত বাহিৰলৈ যোৱাৰ যোগ৷ প্রেমত অশুভ ফলদায়ক৷
বৃশ্চিক ঃ অযথা কোনোবাৰ লগত বিবাদত জৰাব পাৰে৷ অশুভ শনিৰ প্রভাৱত বিদ্যার্থীৰ বুদ্ধি নাশৰ যোগ৷ কর্মক্ষেত্রত পদপ্রাপ্তিৰ যোগ আছে যদিও অপ্রত্যাশিতভাৱে বাধা পৰিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফলদায়ক৷
ধনু ঃ বুধৰ শুভ প্রভাৱত কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্রত খেলিমেলি হ’ব পাৰে৷ মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ বন্ধুৰ লগত মতবিৰোধ দেখা দিব পাৰে৷ শৰীৰৰ প্রতি লক্ষ্য ৰাখিব৷
মকৰ ঃ শনিৰ অশুভ প্রভাৱৰ ফলত আর্থিক সংকটত পৰিব পাৰে৷ ব্যৱসায়ত ক্ষতিৰ সম্ভাৱনা৷ আত্মীয়–স্বজনৰ লগত বিবাদ দেখা দিব পাৰে৷ পেট সংক্রান্ত কিবা সমস্যা দেখা দিব পাৰে৷ বিদ্যার্থীৰ শুভ ফলদায়ক হ’ব৷
কুম্ভ ঃ পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব৷ ভ্রমণত সমস্যা দেখা দিব পাৰে৷ গৃহ নির্মাণৰ পৰিকল্পনা কৰিব পাৰে৷ আর্থিক সংকটত ভুগিব পাৰে৷ ব্যৱসায়–বাণিজ্যত ভবা মতে ফল নাপাব৷ বিদ্যার্থীৰ মধ্যম ফলদায়ক৷
মীন ঃ কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ পাৰিবাৰিক বিবাদৰ ফলত মনৰ গতি ভালেৰে নাযাব৷ ভ্রমণত শাৰীৰিক সমস্যা দেখা দিব পাৰে৷ আয় উন্নতিৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব৷ প্রেমপ্রীতিৰ ক্ষেত্রত সমস্যা থাকিব৷

You might also like