নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ ছুইঙত পর্যুদস্ত প্রাক্তন অধিনায়ক

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ কৰাচীৰ দ্বিতীয় টেষ্টত বাবৰ আজমৰ দলে দুর্দান্ত বেটিঙেৰে অষ্ট্রেলিয়াৰ নিশ্চিত বিজয় স্থবিৰ কৰি দিয়াৰ সময়তো টিভিৰ সন্মুখত বহিব পৰা নাছিল প্রাক্তন অধিনায়ক ইমৰান খান৷ সেই সময়ত পাক প্রধানমন্ত্রীগৰাকী ব্যস্ত আছিল মেচ ফিক্সিঙত৷ অর্থাৎ তেওঁৰ দলৰ সদস্যসকলক বিৰোধীয়ে যাতে প্রলোভন দি কিনি নিব নোৱাৰে, তাক নিশ্চিত কৰাত ব্যস্ত আছিল৷ ইমৰান আচলতে অন্য ধাতুৰে গঢ়া এজন মানুহ৷ খেলপথাৰ এৰি পলায়ন কৰা সৈনিক নহয় তেওঁ৷ শেষ বল পর্যন্ত যুঁজ দিয়াৰ মন্ত্রত বিশ্বাসী তেওঁ৷ সেয়ে ক্রিকেট হওক অথবা ৰাজনীতিৰ ২২ গজ৷ ইমৰান খান বুলিলে প্রথমেই মনলৈ আহে এগৰাকী যুঁজাৰু প্রাক্তন অলৰাউণ্ডাৰৰ মুখ৷ পাকিস্তানক প্রথম আৰু একমাত্র ক্রিকেট বিশ্বকাপ দিয়া অধিনায়কৰূপে ইমৰানৰ নাম কোনেও মচি পেলাব নোৱাৰে৷ পাক প্রধানমন্ত্রীৰ গাদী ধৰি ৰাখিব পাৰিব নে নাই, সেই অনিশ্চয়তাৰ সময়তো তেওঁৰ মুখত শুনা গৈছিল– ‘শেষ বল পর্যন্ত যুঁজ দি যাম’৷

ইমৰানৰ প্রকৃত নাম ইমৰান আহমেদ খান নিয়াজি যদিও বিশ্বই তেওঁক কেৱল ইমৰান নামেৰেহে চিনি পায়৷ ইমৰানে দীর্ঘদিন শাসন কৰিছিল পাকিস্তান ক্রিকেট৷ আধিপত্য বিস্তাৰ কৰিছিল বিশ্ব ক্রিকেটতো৷ ক্রিকেটৰ ২২ গজৰ পৰা ৰাজনীতিৰ মছনদলৈ স্বচ্ছন্দ বিচৰণ তেওঁৰ৷ ক্রিকেটাৰ হিচাপে তুমুল জনপ্রিয়তাক কামত লগায়ে ৰাজনীতিত প্রৱেশ কৰিছিল ইমৰানে৷ ১৯৫২ চনত লাহোৰত জন্ম ইমৰানৰ৷ উচ্চবিত্ত পৰিয়ালত জন্মগ্রহণ কৰা ইমৰান সৰুৰে পৰাই ক্রিকেটৰ লগতে পঢ়া–শুনাতো আছিল অত্যন্ত মেধাৱী৷ ১৯৭৫ চনত অক্সফ’ডৰ কেবল কলেজৰ পৰা স্নাতক ডিগ্রী লোৱাৰ চাৰি বছৰ পূর্বে ১৮ বছৰ বয়সতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটিছিল৷ ১৯৭১ চনত আৰম্ভ হোৱা তেওঁৰ আন্তর্জাতিক ক্রিকেট জীৱন প্রায় দুই দশকজুৰি বিয়পি আছিল৷ দেশক বিশ্বকাপ চেম্পিয়ন কৰোৱাৰ পিছত ১৯৯২ চনত বিদায় জনায় ক্রিকেটৰ ২২ গজক৷ এদিনীয়া ক্রিকেটত দেশৰ হৈ খেলাৰ সুযোগ লাভ কৰে ১৯৭৪ চনত৷ ক্রিকেট জীৱনত দেশক নেতৃত্ব প্রদান কৰিছে সুদীর্ঘ ১ দশক৷ ক্রিকেটৰ সর্বকালৰ শ্রেষ্ঠ অলৰাউণ্ডাৰৰ অন্যতম বুলি কোৱা হয় ইমৰানক৷ স্থান লাভ কৰিছে আইচিচিৰ ‘হল অৱ ফেমতো’৷ পাকিস্তানৰ হৈ ৮৮খন টেষ্ট আৰু ১৭৫খন এদিনীয়া মেচ খেলিছে ইমৰানে৷ বেটিং, বলিং উভয়তে সফল তেওঁ৷ ইমৰানৰ সংগ্রহ ৩৬২টা টেষ্ট উইকেট৷ কেৱল পৰিসংখ্যাৰে ক্রিকেটাৰ ইমৰানক জুখিব নোৱাৰি৷ তেওঁৰ পূর্বে একাধিক কিংবদন্তি ক্রিকেটাৰ পাইছে পাকিস্তানে৷ কিন্তু ইমৰানৰ আগতে কোনেও দল হিচাপে গঢ়ি তুলিব পৰা নাছিল৷ ইয়াতেই ইমৰান আন সকলোতকৈ সুকীয়া৷ ইমৰান আছিল প্লেয়ার্ছ কেপ্ঢেইন৷ জাতীয় দলক শক্তিশালী কৰিবলৈ তেওঁৰ দৃষ্টি আছিল ঘৰুৱা ক্রিকেটত৷ ক্রিকেটাৰসকলৰ পৰা তেওঁ শ্রেষ্ঠখিনি আদায় কৰি ল’বলৈ সক্ষম হৈছিল৷ ইয়াৰেই সুফল ১৯৯২ চনৰ বিশ্বকাপ বিজয়৷ তেওঁৰ নেতৃত্বতে ১৯৮৭ চনত ভাৰতৰ মাটিতে প্রথম টেষ্ট ছিৰিজ জয়ৰ সোৱাদ পায় পাকিস্তানে৷ পৰাজিত হ’ব নোখোজা মানসিকতাৰ বাবেই এদিন দেশখনৰ প্রধানমন্ত্রীৰ গাদীত বহিছিল ইমৰান৷ বিয়লিবেলাত ৰান আউট হয় পাক প্রধানমন্ত্রী ইমৰান৷ পাক এছেম্বলীত অনাস্থা ভোটত ১৭৪টা ভোট পৰে ইমৰানৰ বিপক্ষে৷ নিয়ম অনুসৰি পতন হয় চৰকাৰৰ৷

You might also like