নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ জানুৱাৰী, মাঘ মাহৰ ৭ তাৰিখ

মেষঃ মনৰ স্থিৰতা ৰখা দৰকাৰ হ’ব৷ ভবামতে কামত অগ্রসৰ হ’ব৷ প্রেম–প্রীতিত বেছি আগ নবঢ়াই ভাল৷ ঘৰুৱাত মধ্যম৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ২৷
বৃষঃ মুক্তভাৱে ধন–বিত নাৰাখিব৷ বিদ্যাত মধ্যম৷ মন চঞ্চল থাকিব৷ শৰীৰ বেয়া নহ’ব৷ কোনো আশাপূর্ণ যোগাযোগত আনন্দিত৷ শুভ ৰং আকাশী, শুভ সংখ্যা ৬৷
মিথুনঃ ভ্রমণাদি পাৰিলে স্থগিত ৰাখক৷ শৰীৰৰ প্রতিও নজৰ ৰাখিব লাগিব৷ কোনো বন্ধু–বান্ধৱৰ বাবে কিবা চিন্তা৷ আত্মীয়ক লৈ উদ্বেগৰ কাৰক৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কর্কটঃ মজলীয়া দিন৷ শৰীৰ সম্পর্কে একেবাৰে অৱজ্ঞা নকৰিব৷ বিয়া–বাৰুৰ বাবে যোগাযোগত মজলীয়া আশা৷ পঢ়াতো তদ্রূপ৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷
সিংহঃ আপোনাৰ নিজৰ ভাবমূর্তি নিজে মানি চলাৰ বাবে এই সময়ত প্রতিকূল পৰিৱেশৰ সম্ভাৱনা আছে৷ এনেয়ে দিনটো মধ্যম থাকিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
কন্যাঃ বিষয়–সম্পত্তিৰ লগত লাগি থকাসকল উপকৃত হ’ব৷ অৱশ্যে আপোনাৰ নিশ্চিত চেষ্টা থাকিব লাগিব৷ কিছুমান পাৰিৱেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷
তুলাঃ দূৰ যাত্রাদিত বাধা থাকিব৷ শৰীৰো শুভ নহ’ব৷ নতুন সংযোগৰ আশা আছে৷ স্বাধীন কর্মত মৰম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
বৃশ্চিকঃ শৰীৰ সম্পর্কে সচেতন ব্যক্তিৰ চিন্তা কম৷ দুই–এটা ধর্মীয় কথাত উৎসাহিত হ’ব আৰু সক্রিয় হ’লে অত্যন্ত ব্যস্ততা বাঢ়িব৷ প্রেম–প্রীতিত মধ্যম৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
ধনুঃ অভাৱনীয় কথাত খৰচৰ পথ ওলাব৷ নকৰোঁ বুলি বা নিদিওঁ বুলি ভবা কথাকো ৰাখিব নোৱাৰিব৷ শৰীৰ সম্পর্কে সচেতনতাৰ দৰকাৰ৷ বিয়া–বাৰুৰ বন্দৱস্ত কৰিলেও ভুল থাকি যাব পাৰে৷ শুভ ৰং আকাশীনীলা, শুভ সংখ্যা ১৷
মকৰঃ শৰীৰ সম্পর্কে বেছি দুর্যোগ নাই৷ বিয়া–বাৰুৰ বাবে চেষ্টা কৰিলেও আজি বিশেষ ফলৱতী নহ’ব পাৰে৷ ঘৰুৱাত সন্দেহ ঘনীভূত হ’ব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ১১৷
কুম্ভঃ উন্নত পৰিৱেশ৷ ঘৰুৱাত মনোমত পৰিৱেশ আশা কৰিব পাৰে৷ দাম্পত্যতো একে প্রভাৱ৷ সন্তানৰ সান্নিধ্যত উৎসাহিত৷ পিতৃ–মাতৃৰ কিছু চিন্তা থাকিব৷
মীনঃ কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা৷ নতুন কর্মৰ ক্ষেত্রত আপোনাৰ বাৰে বাৰে একধৰণৰ শংকা থাকিব৷ অৱশ্যে ভয় কম৷ প্রেম–প্রীতিত আনন্দ৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ২৷

You might also like