মেষঃ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব৷ ব্যৱসায়ত মধ্যম৷ পঢ়া–শুনাত বেয়া নহ’ব৷ সন্তানৰ শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
বৃষঃ কর্মক্ষেত্রত বেয়া নহ’ব৷ কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলাটো বাঞ্ছনীয়৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
মিথুনঃ আজি প্রায় দিশে কিছু হ’লেও ফৰকাল৷ বিদ্যাতো তেনে বাধা দেখা নাযায়৷ কর্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব৷ দাম্পত্যত মধ্যম৷ ব্যৱসায়ত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা১৷
কর্কটঃ শাৰীৰিক দিশত বিশেষ শুভ বুলি ক’ব নোৱাৰি৷ একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ গুৰুত্বপূর্ণ কামত প্রগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে৷ প্রেমত বাধা৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
সিংহঃ আজিৰ দিনটো প্রায় ফৰকাল৷ শৰীৰো বেয়া নাযাব৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ মনৰ মানুহৰ সান্নিধ্য লাভ৷ দাম্পত্যতো বেয়া নহ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷
কন্যাঃ মনটো বেয়া নাযাব৷ ঘৰুৱা পৰিৱেশো অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
তুলাঃ কর্মক্ষেত্রত বাধা কম পাব৷ ঘৰুৱা খেলিমেলিৰ পৰা কিছু উন্নতি৷ ভ্রমণত জটিলতা নাই৷ দম্পত্যতো শুভ৷ বিদ্যাত মধ্যম ফল পাব৷ প্রেমত হতাশা৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
বৃশ্চিকঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
ধনুঃ আপোনাৰ স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব৷ ইয়াক কর্মৰ মাজতে ব্যৱহাৰ কৰক৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা থাকিব৷ ব্যৱসায়ত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
মকৰঃ কর্মতৎপৰতা বৃদ্ধি পাব৷ আজিৰ দিনটোত আর্থিকত খুব বেয়া নহ’ব৷ ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্রমণত কষ্ট৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
কুম্ভঃ কিছু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক৷ কৃতকার্য হ’ব৷ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মীনঃ কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নকৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷