নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা দেশজুৰি আৰম্ভ ২০০ ৰে’লৰ চলাচল

নিয়মীয়া বার্তা, ১ জুনঃ  ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিৰোধৰ বাবে ব্যাহত হৈ পৰা ৰে’লসেৱা আজিৰে পৰা পুনৰ আৰম্ভ হ’ব৷ সমগ্র দেশত ভাৰতীয় ৰে’লসেৱাৰ ২০০ খন যাত্রীবাহী ৰে’লে আজিৰ পৰা নিয়মীয়া সেৱা আগবঢ়াব৷ ইতিমধ্যে এই যাত্রীবাহী ৰে’লসমূহৰ টিকট বুকিং প্রক্রিয়া আৰম্ভ হৈছে৷ অৱশ্যে ৰে’লসেৱা আৰম্ভ হ’লেও যাত্রা কৰাৰ ক্ষেত্রত কেতবোৰ নীতি–নিয়ম নির্ধাৰণ কৰি দিছে ৰে’ল মন্ত্রালয়ে৷

সেই অনুসৰি ৰে’লসমূহত কোনোধৰণৰ অসংৰক্ষিত দবা সংযোজন কৰা নহ’ব৷ টিকট নিশ্চিত হোৱা তথা ক’ভিড–১৯ ৰোগৰ লক্ষণ নথকা যাত্রীকহে ৰে’লযাত্রাৰ বাবে অনুমতি প্রদান কৰা হ’ব৷ যাত্রাৰ ৯০ মিনিট পূর্বে ৰে’ল ষ্টেচনত উপস্থিত হ’ব লাগিব যাত্রী৷ যাতে যাত্রীসকলৰ থার্মেল স্ক্রীনিঙকে ধৰি যাৱতীয় নথি–পত্রৰ পৰীক্ষণ ৰে’লযাত্রাৰ পূর্বে সম্পূর্ণ কৰিব পৰা যায়৷

তদুপৰি ৰে’লযাত্রীসকলে ম’বাইলত আৰোগ্য সেতু এপ ডাউনলোড কৰাটো বাধ্যতামূলক৷ একেদৰে ষ্টেচন আৰু ৰে’লসমূহত যাত্রীসকলে সামাজিক দূৰত্ব মানি চলিব লাগিব৷ যাত্রাৰ কালত মাস্ক পৰিধান কৰাটোও বাধ্যতামূলক কৰা হৈছে৷ গন্তব্য স্থানত উপস্থিত হোৱাৰ পাছত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে নির্ধাৰণ কৰি দিয়া স্বাস্থ্য সম্পর্কীয় নীতি–নির্দেশনা অনুসৰণ কৰিব লাগিব যাত্রীসকলে৷ যাত্রাৰ সময়ত যাত্রীসকলক ব্লেংকেট, পর্দা আদিৰ যোগান ধৰা নহ’ব৷ তদুপৰি যাত্রীসকলক নিজৰ খাদ্য আৰু খোৱাপানী সম্ভৱ হ’লে লগত আনিবলৈ পৰামর্শ প্রদান কৰিছে ৰে’ল মন্ত্রালয়ে৷ পেট্রিকাৰত খাদ্য আৰু খোৱাপানী ক্রয়ৰ ব্যৱস্থা থাকিব যদিও যাত্রীসকলক বিশেষভাৱে এই পৰামর্শ দিয়া হৈছে৷

উল্লেখ্য যে লকডাউনৰ সময়ত ৰে’ল মন্ত্রালয়ে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ পৰা শ্রমিকসকলৰ বাবে বিশেষ শ্রমিক ৰে’লৰ ব্যৱস্থা কৰিছে৷ এই সময়ছোৱাত বিশেষ ৰে’লসেৱাৰ বাহিৰে নিয়মীয়া সেৱাসমূহ বন্ধ আছিল৷ কিন্তু আজিৰ পৰা ২০০ খন যাত্রীবাহী ৰে’লৰ সেৱা নিয়মীয়াভাৱে আৰম্ভ কৰিবলৈ ৰে’ল মন্ত্রালয়ে সিদ্ধান্ত গ্রহণ কৰিছে৷

ইপিনে, আজিৰ পৰা অসমলৈও দিল্লী আৰু মুম্বাইৰ পৰা নিয়মীয়া ৰে’লসেৱা আৰম্ভ কৰা হ’ব৷ আজিৰ পৰা দিল্লী–ডিব্রুগড় ব্রহ্মপুত্র মেইল, গুৱাহাটী–মুম্বাই লোকমান্য তিলক এক্সপ্রেছৰ সেৱা আৰম্ভ হ’ব৷ তদুপৰি গুৱাহাটী আৰু যোৰহাট চহৰৰ মাজত নিয়মীয়াভাৱে চলিব জনশতাব্দী এক্সপ্রেছ৷

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত আজিৰ পৰা মুঠ ৬ খন ৰে’লৰ নিয়মীয়া সেৱা আৰম্ভ হ’ব৷ উক্ত ৰে’লসমূহৰ বাহিৰে নিয়মীয়াভাৱে চলাচল কৰিব অমৃতসৰ–নিউ জলপাইগুৰি কর্মভূমি এক্সপ্রেছ, শিয়ালদহ–আলিপুৰদু পদাতিক এক্সপ্রেছ আৰু দিল্লী–আলিপুৰদুৱাৰ মহানন্দ এক্সপ্রেছ৷

You might also like