আজিৰ পৰা দেশত লকডাউন শিথিল কেন্দ্রৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অহা ৩ মে’লৈ দেশত বলৱৎ হৈ আছে লকডাউন৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা এই লকডাউনৰ ফলত দেশৰ অর্থনৈতিক খণ্ড কার্যতঃ স্থবিৰ হৈ পৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশৰ অর্থব্যৱস্থাক সন্তুলিত অৱস্থাত ৰখা তথা গতিশীল কৰাৰ বাবে আজিৰ পৰা লকডাউনৰ কিছু নীতি–নির্দেশনা শিথিল কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ দেশত ক’ৰোনা ভাইৰাছৰ ‘নন–হটস্পট’ অঞ্চলসমূহতহে এই নতুন নির্দেশাৱলী কার্যকৰী হ’ব৷ বিশেষকৈ অত্যাৱশ্যকীয় সেৱাসমূহ চলাই নিয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ে আজি এলানি নতুন নির্দেশাৱলী জাৰি কৰিছে৷ কালি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্রী গোটৰ বৈঠকৰ পাছতে দেশজুৰি কার্যকৰী হ’বলগীয়া এই নতুন নীতি–নির্দেশনা প্রস্তুত কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়া নিয়মাৱলীৰ মাজেৰে সমগ্র দেশতে অত্যাৱশ্যকীয় সেৱাসমূহৰ কাম–কাজ অব্যাহত ৰাখিবলৈ কেন্দ্রীয় চৰকাৰে অনুমতি প্রদান কৰিছে৷ অৱশ্যে লকডাউন শিথিল কৰিলেও অহা ৩ মে’লৈ বন্ধ হৈ থাকিব কেতবোৰ সেৱা৷ এই সময়ছোৱাত অনাৱশ্যকীয়ভাৱে ঘৰৰ পৰা কোনো লোক ওলাই আহিব নোৱাৰিব৷ ইয়াৰ বিপৰীতে চিকিৎসা, কৃষি আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন ক্ষেত্র, সামাজিক খণ্ড, ৰাজহুৱা খণ্ড, এমজিএনৰেগা আঁচনি, অত্যাৱশ্যকীয় সামগ্রী যোগান উদ্যোগ আদিৰ ক্ষেত্রতহে এই শিথিলতাৰ নিয়মসমূহ কার্যকৰী হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি উচ্চ পর্যায়ৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ অন্ততহে ক’ৰোনাৰ নন–হটস্পট স্থানত কি কি সেৱা উপলব্ধ কৰা হ’ব, তাৰ অনুমতি প্রদান কৰিছে৷ এই সন্দর্ভত কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিব আৰু প্রশাসনক যাৱতীয় নির্দেশনা জাৰি কৰিছে৷
ইফালে, কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ যুটীয়া সচিব পুণ্য ছলিলা শ্রীবাস্তৱে এখন সংবাদ মেল সম্বোধন কৰি কয় যে সকলো সামগ্রীৰ অনুমতি প্রদান কৰিলে লকডাউনত প্রভাৱ পৰিব পাৰে৷ সেয়েহে সামগ্রিক পৰিৱেশৰ ওপৰত সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি কি কি সেৱাত অনুমতি প্রদান কৰিব পৰা যায়, তাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেই অনুসৰি ই–বাণিজ্য প্রতিষ্ঠানসমূহে অত্যাৱশ্যকীয় সামগ্রীৰ তালিকাত অন্তর্ভুক্ত নোহোৱা সামগ্রী বিক্রী কৰিব নোৱাৰিব৷ ৩ মে’ত লকডাউন অন্ত পৰিলেহে এইক্ষেত্রত অনুমতি প্রদানৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্রীয় চৰকাৰে কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ইয়াৰ অংশস্বৰূপে যোৱা ২২ মার্চত ঘোষণা কৰা হৈছিল জনতা কার্ফিউ৷ ইয়াৰ পাছত ২৪ মার্চৰ মাজনিশাৰ পৰা সমগ্র দেশতে ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল৷ কিন্তু ২১ দিনীয়া লকডাউনৰ সময়ছোৱাতো দেশত ক’ৰোনা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই লকডাউন পুনৰ ৩ মে’লৈ বৃদ্ধি কৰে৷ অৱশ্যে প্রধানমন্ত্রী মোদীয়ে ২০ এপ্রিলৰ পাছত দেশৰ কিছু অঞ্চলত লকডাউন শিথিল কৰাৰ কথাও উল্লেখ কৰিছিল৷ সেই অনুসৰি বিগত সময়ছোৱাত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যাৰ প্রতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন জিলাক ৰেড জ’ন, অৰেঞ্জ জ’ন আৰু গ্রীন জ’নত বিভক্ত কৰা হয়৷ অসমৰ পাঁচখন জিলা ক্রমে গোলাঘাট, মৰিগাঁও, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰী ৰেড জ’নত অন্তর্ভুক্ত হৈছিল৷ অর্থাৎ ক’ৰোনাৰ হটস্পট হিচাপে চিনাক্ত এই অঞ্চলসমূহত লকডাউনৰ কোনো নির্দেশনা শিথিল কৰা নহ’ব৷ অহা ৩ মে’লৈ কটকটীয়াভাৱে এই জিলাকেইখনত বাহাল থাকিব লকডাউন৷ কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদে এক টুইটযোগে কাইলৈৰ পৰা ৰেহাই পাবলগীয়া সেৱাসমূহৰ তালিকা প্রকাশ কৰিছে৷ তালিকাত অন্তর্ভুক্ত হোৱা সেৱাসমূহ তলত উল্লেখ কৰা হ’ল–
চিকিৎসা সেৱা–
১৷ হাস্পতাল, নার্ছিং হোম, ক্লিনিক, টেলি মেডিচিন ব্যৱস্থা৷
২৷ ডিছপেন্সৰী, কেমিষ্ট, ফার্মাচী, জন ঔষধি কেন্দ্রকে ধৰি সকলো ধৰণৰ ঔষধ আৰু চিকিৎসাজনিত সা–সৰঞ্জামৰ দোকান৷
৩৷ চিকিৎসা পৰীক্ষাগাৰ আৰু নমুনা কেন্দ্র৷
৪৷ ফার্মাচিউটিকেল আৰু চিকিৎসা গৱেষণা পৰীক্ষাগাৰ, ক’ভিড–১৯ ৰোগত জড়িত গৱেষণা অব্যাহত ৰক্ষা প্রতিষ্ঠানসমূহ৷
৫৷ পশু চিকিৎসালয়, ক্লিনিক, পেথ’লজী লেব, প্রতিষেধকৰ বিক্রী আৰু যোগান, ঔষধ৷
৬৷ অত্যাৱশ্যকীয় সেৱা প্রদানত সহায় কৰা তথা ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধত সহায় কৰা অনুমতিপ্রাপ্ত ব্যক্তিগত প্রতিষ্ঠান৷
৭৷ ইয়াৰ ভিতৰত হোম কেয়াৰ প্রদানকাৰী, ডায়েগনেষ্টিক, হাস্পতালত সেৱা আগবঢ়োৱা যোগান প্রতিষ্ঠান৷
৮৷ ঔষধ, ফার্মাচিটিউকেল, স্বাস্থ্যসেৱা, অক্সিজেন, পেকেজিং সামগ্রী, কেঁচা সামগ্রী উৎপাদন কৰা গোটসমূহ৷
৯৷ এম্বুলেঞ্চ নির্মাণকে ধৰি চিকিৎসা আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ নির্মাণকার্য৷
১০৷ সকলো চিকিৎসা সেৱাৰ সৈতে জড়িত আৰু পশু চিকিৎসাৰ সৈতে জড়িত ব্যক্তি, বিজ্ঞানী, নার্ছ, পেৰামেডিকেল ষ্টাফ, লেব টেকনিচিয়ান আৰু আন হাস্পতালৰ সৈতে জড়িত সেৱাত চলাচলৰ অনুমতি (আভ্যন্তৰীণ আৰু ৰাজ্যৰ মাজত বিমানেৰে অনুমতি)৷
কৃষি আৰু ইয়াৰ সৈতে জড়িত কাম–কাজ–
(ক) সকলো ধৰণৰ কৃষি আৰু উদ্যান শস্যৰ কাম–কাজ সম্পূর্ণৰূপে অব্যাহত থাকিব৷ উদাহৰণস্বৰূপে–
১৷ খেতিপথাৰত কৃষকে খেতি কৰিব পাৰিব৷
২৷ কৃষিজাত সামগ্রী ক্রয়ৰ সৈতে জড়িত এজেন্সী৷
৩৷ কৃষি উৎপাদন বজাৰ কমিটীসমূহে চলোৱা অথবা ৰাজ্য–কেন্দ্রীয়শাসিত চৰকাৰে অনুমতি প্রদান কৰা শাক–পাচলিৰ দোকান৷
৪৷ কৃষি সঁজুলিৰ দোকান আৰু মেৰামতিৰ দোকান৷
৫৷ কৃষি পামৰ সৈতে জড়িত কাষ্টম হায়াৰিং চেণ্টাৰ৷
৬৷ সাৰ, কীটনাশক আৰু বীজৰ উৎপাদন, বিতৰণ, খুচুৰা বজাৰ৷
৭৷ কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্রত ব্যৱহাৰ কৰা বিভিন্ন সঁজুলিৰ পৰিবহণ (ৰাজ্যিক আৰু আন্তঃৰাজ্যিক)৷
(খ) মীন পালন–
১৷ ম্যৎস চিকাৰ (সাগৰীয় আৰু জলাশয়/একুৱা কালচাৰ উদ্যাগ)৷
২৷ মাছৰ পোনা উৎপাদন, খাদ্য উৎপাদন৷
৩৷ মাছ, মাছৰ পোনা, মাছৰ পৰা উৎপাদিত সামগ্রী আৰু ইয়াৰ সৈতে জড়িত শ্রমিকক পৰিবহণৰ অনুমতি৷
(গ) কৃষিকর্ম–
১৷ চাহ, কফী আৰু ৰবৰ খেতি ৫০ শতাংশ শ্রমিকেৰে কৰাৰ অনুমতি৷
২৷ ৫০ শতাংশ শ্রমিকেৰে চাহ, কফী, ৰবৰ আৰু কাজু বাদামৰ উৎপাদন, পেকেজিং, বিক্রী আৰু বিপণন৷
(ঘ) পশুপালন–
১৷ গাখীৰ আৰু গাখীৰজাতীয় সামগ্রী উৎপাদন, সংগ্রহ, বিতৰণ আৰু বিক্রী৷
২৷ হাঁহ–কুকুৰাৰ ফার্ম, পোৱালি উৎপাদন কেন্দ্র, পশুধন পালনৰ কাম–কাজৰ লগতে পশুপালন ফার্মসমূহ চলি থাকিব৷
৩৷ পশুখাদ্যৰ উৎপাদন আৰু পশুখাদ্য ৰোপণ৷ পশুখাদ্যৰ বাবে উৎপাদনৰ কেঁচা সামগ্রীৰ যোগান৷
৪৷ পশু আশ্রয় গৃহ, গো–শালাসমূহ৷
বিত্তীয় খণ্ড–
১৷ ৰিজার্ভ বেংক অৱ ইণ্ডিয়া আৰু ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা নিয়ন্ত্রিত বিত্তীয় বজাৰ আৰু এন পি চি আই, চি চি আই এলৰ দৰে প্রতিষ্ঠান৷
২৷ বেংকৰ শাখা আৰু এ টি এম, বেংকৰ কাম–কাজ পৰিচালনাৰ বাবে তথ্য–প্রযুক্তিৰ প্রতিষ্ঠান, বেংকিং কৰেচপণ্ডেছ, এ টি এম অপাৰেচন আৰু ধন ব্যৱস্থাপনা এজেন্সীসমূহ৷
৩৷ নিয়মীয়া সময় অনুসৰি বেংক শাখাসমূহক কাম কৰিবলৈ অনুমতি প্রদান কৰা হ’ব৷
৪৷ বেংকসমূহত সামাজিক দূৰত্ব বর্তাই ৰখাৰ বাবে স্থানীয় প্রশাসনে নিয়োগ কৰিব লাগিব প্রয়োজনীয় সুৰক্ষা কর্মী৷
৫৷ ছেবি (ছিকিউৰিটি এণ্ড এক্সচেঞ্চ ব’ড অৱ ইণ্ডিয়া)
৬৷ আই আৰ ডি এ আই আৰু বীমা কোম্পানীসমূহ৷
সামাজিক খণ্ড–
১৷ শিশু/দিব্যাংগ/মানসিকভাৱে বিকাৰগ্রস্ত/জ্যেষ্ঠ নাগৰিক/মহিলা/বিধৱাৰ বাবে থকা গৃহসমূহ চলি থাকিব৷
২৷ কিশোৰৰ বাবে নিৰীক্ষণ গৃহ আৰু সুৰক্ষা গৃহ৷
৩৷ অংগনৱাড়ী কেন্দ্রসমূহে হিতাধিকাৰীৰ ঘৰত প্রতি ১৫ দিনত এবাৰ খাদ্য–সামগ্রী আৰু পুষ্টিকৰ খাদ্যৰ যোগান ধৰিব৷ অংগনৱাড়ীলৈ হিতাধিকাৰীসকল আহিব নোৱাৰিব৷
ৰাজহুৱা সেৱা–
১৷ তৈল আৰু গেছখণ্ডসমূহ চলি থাকিব৷ ইয়াত শোধন, পৰিবহণ, বিতৰণ, জমাকৰণ আৰু সামগ্রীৰ খুচুৰা বিক্রী অব্যাহত থাকিব৷ যেনে– পেট্র’ল, ডিজেল, কেৰাচিন, চি এন জি, এল পি জি, পি এন জি ইত্যাদি৷
২৷ কেন্দ্রীয় আৰু ৰাজ্যিক পর্যায়ত শক্তিৰ উৎপাদন, পৰিবহণ আৰু বিতৰণ৷
৩৷ ডাকসেৱা৷
৪৷ পৌৰ নিগম আৰু স্থানীয় নিগম–নিকায় পর্যায়ত পানী যোগান, ছেনিটেচন আৰু জাবৰ নিষ্কাশন৷
৫৷ টেলিকমিউনিকেচন৷
এনৰেগাৰ অধীনত কাম–
১৷ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক ব্যৱধানৰ নিয়ম কঠোৰভাৱে বলৱৎ কৰি এনৰেগাৰ অধীনত কাম কৰাৰ অনুমতি প্রদান কৰা হ’ব৷
২৷ জলসিঞ্চন আৰু পানী সংৰক্ষণৰ কামক অগ্রাধিকাৰ দিয়া হ’ব৷
অত্যাৱশ্যকীয় সামগ্রীৰ যোগান–
১৷ সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্রীৰ যোগান ব্যৱস্থাৰ সেৱা অব্যাহত থাকিব৷
২৷ দোকান (অত্যাৱশ্যকীয় সামগ্রী বিক্রী কৰা), সুলভ মূল্যৰ দোকান, শাক–পাচলি আৰু ফলমূলৰ দোকান, গাখীৰৰ দোকান, মাছ আৰু মাংসৰ দোকান, পশুখাদ্যৰ দোকান খোলা ৰাখিব পাৰিব৷ এই দোকানসমূহৰ খোলা আৰু বন্ধ কৰাৰ সময়ত কোনো ধৰণৰ সময় নির্ধাৰণ কৰা নাথাকিব৷
৩৷ ঘৰৰ বাহিৰলৈ যাতে কমসংখ্যক লোক ওলাই আহে, তাৰ বাবে জিলা প্রশাসনে হোম ডেলিভাৰীৰ ব্যৱস্থাক উৎসাহিত কৰিব পাৰে৷
বাণিজ্যিক আৰু ব্যক্তিগত প্রতিষ্ঠান–
১৷ ডি টি এইচ আৰু কেব্ল সেৱাকে ধৰি ছপা আৰু বৈদ্যুতিন মাধ্যম৷
২৷ ৫০ শতাংশ কর্মচাৰীৰ তথ্য–প্রযুক্তিৰ সৈতে জড়িত সেৱা৷
৩৷ গাঁও পঞ্চায়ত পর্যায়ত চৰকাৰে অনুমোদন দিয়া সাধাৰণ সেৱা কেন্দ্র৷
৪৷ ই–বাণিজ্য প্রতিষ্ঠান৷ এই প্রতিষ্ঠানসমূহৰ বাহনসমূহে প্রয়োজনীয় অনুমতি সাপেক্ষেহে চলাচল কৰিব পাৰিব৷
৫৷ কুৰিয়াৰ সেৱা৷
৬৷ জাহাজ ঘাট, বিমানবন্দৰ, ৰে’ল ষ্টেচন, ব্যক্তিগত গোটৰ অন্তর্গত শীতল গৃহ আৰু ৱেৰ হাউছ সেৱা৷
৭৷ ব্যক্তিগত সুৰক্ষা সেৱা৷
৮৷ পর্যটক আৰু লকডাউনত আবদ্ধ হৈ পৰা লোকসকলক সেৱা কৰা হোটেল, লজসমূহ৷
৯৷ কোৱাৰেণ্টাইন সেৱাৰ বাবে চিহ্ণিত প্রতিষ্ঠান৷
১০৷ স্বনিয়োজিত ব্যক্তি যেনে– ইলেক্ট্রিচিয়ান, প্লাম্বাৰ, মটৰ মেকানিক, মিস্ত্রী আদিৰ সেৱা৷
উদ্যোগ–
১৷ গ্রামাঞ্চলৰ উদ্যোগ৷
২৷ ঔষধ, ফার্মাচিটিউকেল, চিকিৎসা সঁজুলি আদি উৎপাদনৰ সৈতে জড়িত প্রতিষ্ঠান৷
৩৷ আই টি হার্ডৱেৰ উৎপাদনকর্তা৷
৪৷ মৰাপাটৰ উদ্যোগ৷
৫৷ পেকেজিং সামগ্রী, উৎপাদনকাৰী গোট৷
৬৷ তেল আৰু গেছ খনন, শোধনাগাৰ৷
৭৷ গ্রামাঞ্চলৰ ইটাভাতাসমূহ৷
নির্মাণকার্য–
পথ, জলসিঞ্চন প্রকল্প, বিল্ডিং আৰু সকলো ধৰণৰ উদ্যোগৰ প্রকল্পৰ নির্মাণকার্য অব্যাহত থাকিব৷
১৷ পুনৰ নৱীকৰণ শক্তিৰ নির্মাণকার্য৷
২৷ পৌৰ নিগমৰ অন্তর্গত নির্মাণ প্রকল্পসমূহৰ কাম–কাজ উপলব্ধ শ্রমিকেৰে চলাই নিব পাৰিব৷ অৱশ্যে বাহিৰৰ পৰা শ্রমিক আনি কামত নিয়োজিত কৰিব নোৱাৰিব৷
কেন্দ্রীয় চৰকাৰৰ কার্যালয়–
১৷ প্রতিৰক্ষা, চি আৰ পি এফ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, দুর্যোগ ব্যৱস্থাপনা আৰু আগজাননী প্রদানকাৰী সংস্থা (বতৰ বিজ্ঞান কেন্দ্র, চি ডব্লিউ চি আদি), নেচনেল ইনফৰমেটিক চেণ্টাৰ, ভাৰতীয় খাদ্য নিগম, এন চি চি, নেহৰু যুৱ কেন্দ্র আৰু শুল্ক৷
২৷ অন্যান্য মন্ত্রালয় আৰু বিভাগসমূহে উপ–সচিব আৰু সমপর্যায়ৰ বিষয়াৰ ১০০ শতাংশ উপস্থিতিৰে কাম–কাজ চলাই নিব৷ অৱশ্যে বাকী বিষয়া আৰু কর্মচাৰীৰ ক্ষেত্রত প্রয়োজন অনুসাৰে ৩৩ শতাংশ উপস্থিতি নির্ধাৰণ কৰিব পাৰে৷
ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ কার্যালয়সমূহ –
১৷ কোনো ধৰণৰ বাধ্য–বাধকতা নোহোৱাকৈ আৰক্ষী, গৃহৰক্ষী, অসামৰিক প্রতিৰক্ষা, অগ্ণি আৰু জৰুৰীকালীন সেৱা আৰু দুর্যোগ ব্যৱস্থাপনা, কাৰাগাৰ আৰু পৌৰ নিগমৰ সেৱা অব্যাহত থাকিব৷
২৷ আন সকলো বিভাগে সীমিত কর্মচাৰীৰে কাম চলাই নিব৷ এ আৰু বি পর্যায়ৰ বিষয়া প্রয়োজন সাপেক্ষে উপস্থিত থাকিব৷ চি পর্যায়ৰ অথবা তাৰ তলৰ পর্যায়ৰ কর্মচাৰী ৩৩ শতাংশ উপস্থিতিৰে কাম কৰিব লাগিব৷ কার্যালয়সমূহত সামাজিক ব্যৱধান বজাই ৰাখিব লাগিব৷
৩৷ জিলা প্রশাসন আৰু কোষাগাৰসমূহ সীমিত কর্মচাৰীৰে কাম কৰিব৷
৪৷ চিৰিয়াখানা, নার্ছাৰী, বন্যপ্রাণী, বন বিভাগৰ টহলদাৰী গোট আদিৰ কাম–কাজ অব্যাহত থাকিব আৰু ইয়াৰ বাবে যাতায়াতৰ সুবিধা লাভ কৰিব৷