নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অধিৱেশনলৈ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রী…

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ জাতি–বর্ণ–ভাষা নির্বিশেষে উচ্চ–নীচ ভেদাভেদ আঁতৰাই সম্প্রীতিৰ বীজ ৰোপণ কৰিলে শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিৱেশনে৷ বুধবাৰৰে পৰা কমাৰগাঁও দিহিঙীয়া মহুৰাপথাৰত আৰম্ভ হোৱা শংকৰদেৱ অধিৱেশনত পুৱাৰে পৰা হাজাৰ হাজাৰ ভকত–বৈষ্ণৱে ভিৰ কৰে৷ পুৱাৰ ভাগত দবা–শংখ–কাঁহ–মং ধ্বনিৰে আৰম্ভ হোৱা উত্তৰ–পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনথলী হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয়৷

শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বোকাখাত–কমাৰগাঁও অধিৱেশনলৈ কাইলৈ আহিব অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ কার্যসূচী অনুসৰি তেওঁলোক ৭ ফেব্রুৱাৰীত উপস্থিত থকাৰ কথা আছিল৷ শেষ মুহূর্তত সূচী সলনি কৰ মুখ্যমন্ত্রীৰ কার্যালয়ে ২৪ ঘণ্টা আগুৱাই অনাৰ কথা সদৰী কৰে৷ সেই অনুসৰি কাইলৈ অর্থাৎ ৬ ফেব্রুৱাৰীৰ দিনৰ ১ বজাত শংকৰ সংঘৰ অধিৱেশনথলীত উপস্থিত হ’ব অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রী৷

You might also like